যীচুৱে কৈছিল যে আৰু দুদিনৰ পাছত নিস্তাৰ পৰ্ব্ব হ'ব (২৬:২)।
তেওঁলোকে ছলেৰে যীচুক ধৰিবলৈ আৰু বধ কৰিবলৈ আলচ কৰিছিল (২৬:৪)।
তেওঁলোকে এইটো ভয় কৰিছিল যে যদ্ পৰ্ব্বৰ সময়ত যীচুক বধ কৰে, মানুহবিলাকৰ হুৰামুৰা লাগিব (২৬:৫)।
শিষ্যবিলাকৰ খং উঠিছিল আৰু সেই দ্ৰব্য কিয় বিক্ৰি কৰি সেই ধন দুখীয়া বিলাকক বলাই দিয়া নহ'ল সেইটো জানিবলৈ বিচাৰিছিল (২৬:৬-৯)।
যীচুৱে কৈছিল সেই মহিলাগৰাকীয়ে যীচুক কবৰত থোৱা দিনৰ কাৰণে তেওঁৰ মুৰত সেই দ্ৰব্য ঢালি দিছিল বুলি কৈছিল (২৬:১২)
প্ৰধান পুৰোহিতসকলৰ হাতত যীচুক শোধাই দিবলৈ ঈস্কৰিয়োতীয়া যিহুদাক ত্ৰিশটা ৰূপৰ মুদ্ৰা দিয়া হৈছিল (২৬:১৪-১৫)
যীচুৱে কৈছিল যে যিজনে তেওঁক শোধাই দিয়ে, তেওঁৰ জন্ম নোহোৱা হ'লেই ভাল আছিল (২৬:২৪)।
যীচুৱে উত্তৰ দিছিল, "এইটো তুমি নিজেই ক'লা" (২৬:২৫)।
যীচুৱে কৈছিল, "লোৱা, খোৱা, এইয়ে মোৰ শৰীৰ" (২৬:২৬)।
যীচুৱে কৈছিল যে এই পিয়লা হৈছে নিয়মৰ তেওঁৰ তেজ যিটো অনেকৰ পাপৰ ক্ষমাৰ বাবে বোৱাই দিয়া হৈছে (২৬:২৮)।
যীচুৱে তেওঁৰ শিষ্যসকলক কৈছিল যে তেওঁৰ কাৰণে তেওঁলোক সকলোৱে বিঘিনি পাব আৰু আতৰি যাব (২৬:৩০-৩১)।
যীচুৱে কৈছিল যে পিতৰে সেই ৰাতি কুকুৰাই ডাক দিয়াৰ আগেয়ে তেওঁ তিনিবাৰ অস্বীকাৰ কৰিব (২৬:৩৩-৩৪)।
যীচুৱে তেওঁলোকক তাত থাকিবলৈ কৈছইল আৰু তেওঁৰ বাবে পৰ দিবলৈ কৈছিল (২৬:৩৭-৩৮)।
যীচুৱে এই অনুৰোধটো কৰিছিল যে যদি সম্ভৱ হয়, তেওঁৰ পৰা এই পিয়লা দুৰ কৰক (২৬:৩৯)।
যীচুৱে প্ৰাৰ্থনা কৰিছিল তেওঁৰ ইচ্ছা যিয়েই নহওক যে, পিতৃৰ ইচ্ছাই পুৰ হওক (২৬:৩৯, ৪২)।
যীচুৱে প্ৰাৰ্থনা কৰাৰ পৰা ঘুৰি আহোঁতে শিষ্যসকলে টোপনিত শুই আছিল (২৬:৪০, ৪৩, ৪৫)।
যীচুৱে শিষ্যসকলক তিনিবাৰ এৰি গৈছিল আৰু প্ৰাৰ্থনা কৰিছিল (২৬:৩৯-৪৪)।
সেই ধৰিব লগীয়াজন যীচু বুলি চিনাকি কৰি দিবলৈযিহুদাই যীচুক চুমা দি সেই মানুহ বিলাকক চিন দিছিল (২৬:৪৭-৫০)।
যীচুৱৰ এজন শিষ্যই তৰোৱাল উলিয়াইছিল আৰু মহা পুৰোহিতৰ দাস এজনৰ কাণ এখন কাটি পেলাইছিল (২৬:৫১)।
যীচুৱে কৈছিল যে তেওঁ পিতৃক নিবেদন কৰি পাৰে, যিয়ে এতিয়াই বাৰবাহিনী স্বৰ্গ দূত পঠিয়াই দিব (২৬:৫৩)।
যীচুৱে কৈছিল যে এই ঘটনাটোৰ দ্বাৰা শাস্ত্ৰবাক্য পৰিপুৰ্ণ হৈছিল (২৬ :৫৪, ৫৬)।
তেতিয়া সকলো শিষ্যই তেওঁৰ এৰি গৈছিল আৰু পলাইছিল (২৬:৫৬)।
যীচুক বধ কৰিবলৈ তেওঁলোকে যীচুৰ বিপক্ষে মিছা সাক্ষী বিচাৰি আছিল (২৬:৫৯)।
মহা পুৰোহিতে যীচুক এই আদেশ দিছিল যে তেওঁ ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হয়নে নহয় তাক তেওঁলোকক কওক (২৬:৬৩)।
যীচুৱে কৈছিল, "তুমি এইটো নিজেই কৈছা" (২৬:৬৪)।
যীচুৱে কৈছিল যে মহা পুৰোহিতে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘত অহা দেখিব (২৬:৬৪)।
মহা পুৰোহিতে যীচুক ঈশ্বৰ নিন্দা কৰাৰ দোষত দোষী কৰিছিল (২৬:৬৫)।
তেওঁলোকে যীচুৰ মুখত থুই পেলাইছিল, তেওঁক কোবাইছিল, আৰু তেওঁলোকৰ হাতেৰে তেওঁক চৰ মাৰি আছিল (২৬:৬৭)।
পিতৰে উত্তৰ দিছিল যে তেওঁ যীচুক চিনি নাপায় (২৬:৭০, ৭২, ৭৪)।
পিতৰে তৃতীয় বাৰ উত্তৰ দিয়াৰ লগে লগে এটা কুকুৰাই ডাক দিছিল (২৬:৭৪)।
পিতৰে এইটো মনত পেলাইছিল যে যীচুৱে তেওঁক কৈছিল কুকুৰাই ডাক দিয়াৰ আগে আগে, তেওঁ যীচুক তিনিবাৰ অস্বীকাৰ কৰিব (২৬:৭৫)।