ৰাতিপুৱা, প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে যীচুক ৰাজ্যপাল পীলাতৰ ওচৰলৈ লৈ গৈছিল (২৭:২)।
যিহুদাই নিৰ্দোষীৰ ৰক্তপাতৰ প্ৰবঞ্চনা কৰাৰ বাবে মন পালটন কৰিছিল, সেই ৰূপ ঘুৰাই দিছিল, বাহিৰ ওলাই গৈছিল, আৰু নিজে ফাঁচ লাগি মৰিছিল (২৭:৩-৫)।
তেওঁলোকে কুমাৰৰ মাচিৰ পথাৰ কিনিছিল য'ত বিদেশী বিলাকক কবৰ দিছিল (২৭: ৬-৭)।
এই ঘটনাবোৰৰ দ্বাৰা যিৰিমিয়াৰ ভাববাণী পৰিপুৰ্ণ হৈছিল (২৭:৯-১০)।
পীলাতে যীচুক সুধিছিল যে তেওঁ যিহুদীবিলাকৰ ৰজানে, আৰু যীচুৱে উত্তৰ দিছিল, "তুমিয়েই কৈছা" (২৭:১১)।
যীচুৱে আনকি এটা শব্দও উত্তৰ দিয়া নাছিল (২৭:১২-১৪)।
নিস্তাৰ পৰ্ব্বৰ ৰীতি অনুসৰি, পীলাতে যীচুলৈ মুকলি কৰি দিবলৈ ইচ্ছা কৰিছিল (২৭:১৫-১৮)।
তাই পীলাতক কৈছিল যে সেই নিৰ্দোষী মানুহ জনক একোৱেই নকৰিবা (২৭:১৯)।
প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে ভীৰৰ মানুহবিলাকক উচটনি দি যীচুক মুকলি কৰাৰ পৰিৱৰ্তে বাৰাব্বাক মুকলি কৰোৱাবলৈ পতিয়ন নিয়াইছিল (২৭:২০)।
মানুহবিলাকে এই বুলি চিঞঁৰি আছিল যে তেওঁলোকে যীচুক ক্ৰচত দিব বিচাৰে (২৭:২২-২৩)।
পীলাতে তেওঁৰ হাত ধুইছিল, আৰু কৈছিল এই নিৰ্দোষী মানুহজনৰ ৰক্তপাতত তেওঁ নিৰ্দোষী, আৰু যীচুক মানুহৰ ভীৰলৈ দি দিছিল (২৭:২৪)।
মানুহবিলাকে কৈছিল, "তাৰ তেজ আমাত আৰু আমাৰ সন্তান বিলাকৰ ওপৰতো পৰক" (২৭:২৫)।
সৈন্যবিলাকে যীচুক বেঙেনা বৰণীয়া বস্ত্ৰ পিন্ধাইছিল আৰু কাঁইটৰ এটা কিৰীটি তেওঁৰ মুৰত দিছিল; তেওঁক থুই পেলাইছিল, আৰু তেওঁৰ মুৰত কোবাইছিল, তাৰ পাছত তেওঁক ক্ৰচত দিবলৈ লৈ গৈছিল (২৭:২৭-৩১)।
চিমোনক যীচুৰ ক্ৰচডাল কঢ়িয়াই নিবলৈ জোৰ কৰা হৈছিল (২৭:৩২)।
তেওঁলোকে গলগথালৈ গৈছিল, যিটোৰ অৰ্থ "লাওখোলাৰ ঠাই" (২৭:৩৩)।
সৈন্যবিলাকে যীচুৰ পিন্ধা কাপোৰ ভাগ কৰিবৰ বাবে চিঠি খেলাইছিল আৰু তাৰ পাছত তাতে বহিছিল আৰু তেওঁক পৰ দি আছিল (২৭:৩৫-৩৬)।
তেওঁলোকে এইটো লিখিছিল, "এইজন যীচু যিহুদী বিলাকৰ ৰজা" (২৭:৩৭)।
যীচুৰ লগত দুজন ডকাইতক ক্ৰচত দিয়া হৈছিল, এজনক সোঁ ফালে আৰু এজনক বাওঁফালে (২৭:৩৮)।
তেওঁলোক সকলোৱে যীচুৱে নিজকে বচাবলৈ আৰু ক্ৰচৰ পৰা নামি আহিবলৈ প্ৰত্যাহ্বান জনাইছিল (২৭:৩৯-৪৪)।
দুপৰীয়া বাৰ বজাৰ পৰা তিনি বজালৈকে গোটেই দেশখনতে অন্ধকাৰ নামি আহিছিল (২৭:৪৫)।
যীচুৱে এই বুলি চিঞঁৰিছিল, "হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক পৰিত্যাগ কৰিলা?" (২৭:৪৬)।
যীচুৱে তেওঁৰ আত্মা এৰি দিছিল (২৭:৫০)।
যীচুৰ মৃত্যু হোৱাৰ পাছত মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দুচিটা হৈছিল (২৭:৫১)।
নিদ্ৰিত হে থকা অনেক সাধু-সন্তৰ পুনৰূত্থান হৈছিল আৰু অনেকক দেখা দিছিল (২৭:৫২-৫৩)।
সেই সেনাপতিয়ে সাক্ষ্য দিছিল, "সচাঁকৈয়ে এইজন ঈশ্বৰৰ পুত্ৰ আছিল" (২৭:৫৪)।
যীচুৰ এজন ধনী শিষ্য যোচেফে, পীলাতৰ ওচৰত যীচুৰ শৰীৰটো খুজিছিল, শণ সুতাৰ কাপোৰেৰে মেৰিয়াইছিল, আৰু তেওঁৰ নিজৰ নতুনকৈ খন্দা কবৰত শুৱাই থৈছিল (২৭:৫৭-৬০)।
যীচুৰ শৰীৰটো য'ত শুৱাই থোৱা হৈছিল সেই কবৰৰ দুৱাৰত এটা প্ৰকাণ্ড শিল স্থাপন কৰা হৈছিল (২৭:৬০)।
প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে এইটো নিশ্চিত হোৱাটো বিচাৰিছিল যে যীচুৰ কবৰটো সুৰক্ষিত হওক যাতে কোনেও তেওঁৰ দেহাটো চুৰ কৰি নিব নোৱাৰে (২৭:৬২-৬৪)।
তেওঁলোকে সেই কবৰৰ শিলটোত মোহৰ মাৰিবলৈ আৰু কবৰটোক চন্তৰী দি পহৰা দি ৰাখিবলৈ পীলাতে অনুমতি দিছিল (২৭:৬৫-৬৬)।