সেই নিৰ্বুদ্ধি কন্যা কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত তেল লোৱা নাছিল (২৫:৩)।
সেই সুবুদ্ধিৰ কন্যা কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত তেলৰ পাত্ৰও লৈছিল (২৫:৪)।
দৰাই মাজ নিশা আহিছিল, যিটো আশা কৰা সময়তকৈয়ো পাছত আছিল (২৫:৫-৬)।
সেই সুবুদ্ধিৰ কন্যা কেইজনী দৰাৰ লগত বিয়াঘৰৰ ভোজলৈ সোমাই গৈছিল (২৫:১০)।
সেই নিৰ্বুদ্ধি কন্যা কেইজনীয়ে তেল কিনিবলৈ যাবলগীয়া হৈছিল আৰু যেতিয়া সিহঁত ঘুৰি আহিছিল বিয়াবোজৰ ঘৰৰ দুৱাৰ সিহঁতৰ বাবে বন্ধ হৈছিল (২৫:৮-১০)।
যীচুৱে কৈছিল যে বিশ্বাসীবিলাকে পৰ দি থকা উচিত কিয়নো সেই দিন বা সময় তেওঁলোকে নাজানে (২৫:১৩)।
পাঁচ গাগৰি পোৱা চাকৰজনে ব্যৱসায় কৰি আৰু পাঁচ গাগৰি কৰিছিল, আৰু দুই গাগৰি পোৱা জনে ব্যৱসায় কৰি আৰু দুই গাগৰি বৃদ্ধি কৰিছিল (২৫:১৬-১৭)।
এক গাগৰি পোৱা চাকৰ জনে মাটিত এটা গাত খান্দিছিল আৰু তাৰ গৰাকীৰ ধন লুকুৱাই ৰাখিছিল (২৫:১৮)।
সেই গৰাকী বহু দিন যাত্ৰাত আতৰি আছিল (২৫:১৯)।
সেই গৰাকীয়ে কৈছিল, " চাব্বাইচ, উত্তম আৰু বিশ্বাসী দাস!" আৰু সিহঁতক অনেক বিষয়ৰ ওপৰত দায়িত্ত্ব দিছিল (২৫:২০-২৩)।
সেই প্ৰভুৱে কৈছিল, "হেৰৌ দুষ্ট আৰু এলেহুৱা চাকৰ," তেওঁৰ পৰা সেই এক গাগৰি ঘুৰাই লৈছিল, াৰু তেওঁক বাহিৰৰ অন্ধকাৰত দলিয়াই পেলাইছিল (২৫:২৪-৩০)।
মানুহৰ পুত্ৰই সকলো জাতিৰ মানুহক গোটাব আৰু মানুহবিলাকক ইজনৰ পৰা সিজন বেলেগ বেলেগ কৰিব (২৫:৩১-৩২)।
যিবিলাক ৰজাৰ সোঁ ফালে আছিল সিহঁতে জগত সৃষ্টিৰ দিনৰে পৰা তেওঁলোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্য পাব (২৫:৩৪)।
যিবিলাক ৰজাৰ সোঁ ফালে আছিল সিহঁতে ভোকাতুৰক খাবলৈ দিছিল, পিয়াহ লগাক পান কৰিবলৈ দিছিল, অতিথিক আশ্ৰয় দিছিল, উদঙে থকাক বস্ত্ৰ দিছিল, ৰোগীয়াক চোৱাচিতা কৰিছিল, নাইবা বন্দীশালত থকাবিলাকক খবৰ লৈছিল (২৫:৩৫-৪০)।
যিবিলাক ৰজাৰ বাওঁ ফালে আছিল সিহঁতে চয়তান আৰু তাৰ দূতবিলাকৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুই পাব (২৫:৪১)।
যিবিলাক ৰজাৰ বাওঁ ফালে আছিল সিহঁতে ভোকাতুৰক খাবলৈ দিয়া নাছিল, পিয়াহ লগাক পান কৰিবলৈ দিয়া নাছিল, অতিথিক আশ্ৰয় দিয়া নাছিল, উদঙে থকাক বস্ত্ৰ দিয়া নাছিল, ৰোগীয়াক চোৱাচিতা কৰা নাছিল, নাইবা বন্দীশালত থকাবিলাকক খবৰ লোৱা নাছিল (২৫:৪২-৪৫)।