যীচুৱে এই ভবিষঅযবাণী কৰিছিল যে মন্দিৰৰ যিটো শিল ভঙা নহ'ব এনে এটা শিলো আনটোৰ ওপৰত নথকাকৈ নেৰিব (২৪:২)।
শিষ্যবিলাকে যীচুক সুধিছিল এইবোৰ কেতিয়া ঘটিব, আৰু তেওঁৰ অহাৰ চিনবোৰ আৰু এই জগতৰ শেষ হোৱাৰ চিনবোৰ কি (২৪:৩)।
যীচুৱে কৈছিল বহুতে আহিব ক'ব তেওঁলোক খ্ৰীষ্ট, অনেকক বিপথে পৰিচালিত কৰি লৈ যাব (২৪:৫)।
যীচুৱে কৈছিল যে যুদ্ধ-বিগ্ৰহ, আকাল,আৰু ভুমিকম্প আদিবোৰ এই প্ৰসৱ বেদনাৰ আৰম্ভণ (২৪:৬-৮)।
যীচুৱে কৈছিল যে বিশ্বাসীসকলে দুখ-ক্লেশ ভাগ কৰিব, কোনো কোনোৱে উজুতি খাব আৰু ইজনে সিজনক প্ৰবঞ্চনা কৰিব, আৰু কোনো কোনোৰ অন্তৰ চেচাঁ হৈ যাব (২৪:৯-১২)।
যীচুৱে কৈছিল যে যিজনে শেষলৈকে সহন কৰি থাকে তেৱেঁই ৰক্ষা পাব (২৪:১৩)।
এই শেষ অৱস্থা আহি পোৱাৰ আগতেই ৰাজ্যৰ শুভবাৰ্ত্তা গোটেই জগতত প্ৰচাৰিত হ'ব (২৪:১৪)।
যীচুৱে কৈছিল বিশ্বাসীবিলাকে পৰ্ব্বতলৈ পলাই যোৱা উচিত (২৪:১৫-১৮)।
সেই কালত, সেই মহা ক্লেশ এনে ভয়ঙ্কৰ হ'ব যে জগত সৃষ্টিৰ দিনৰ পৰা তেনে মহা ক্লেশ কেতিয়াও হোৱাই নাই (২৪:২১)।
ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদীবোৰে মহৎ চিন আৰু পৰাক্ৰম কাৰ্য্য কৰি দেখুৱাব আৰু অনেকক বিপথে লৈ যাব (২৪:২৪)।
বিজুলীয়ে যেনেকৈ পুবৰ পৰা পশ্চিমলৈকে পোহৰ কৰি পেলাই সেইদৰে মানুহৰ পুত্ৰৰ আগমণ দেখা যাব (২৪:২৭)।
সুৰ্য্য আৰু চন্দ্ৰ অন্ধকাৰ হৈ যাব, আৰু আকাশৰ পৰা তৰাবোৰ খহি খহি পৰিব (২৪:২৯)।
পৃথিবীৰ জাতি গোষ্ঠী বিলাকে তেওঁলোকৰ হিয়া ভুকুৱাব (২৪:৩০)।
যেতিয়া দূতবিলাকে মনোনীত বিলাকক গোটাই আনিব তুৰীৰ এক ভয়ঙ্কৰ মহা শব্দ শুনিবলৈ পোৱা যাব (২৪:৩১)।
যীচুৱে কৈছিল যে এই সকলোবোৰ নঘটে মানে এই কালৰ মানুহবিলাক লুপ্ত নহ'ব (২৪:৩৪)।
যীচুৱে কৈছিল যে আকাশ আৰু পৃথিবী লুপ্ত হ'ব, কিন্তু তেওঁৰ বাক্য কেতিয়াও লুপ্ত নহ'ব (২৪:৩৫)।
এইবোৰ কেতিয়া ঘটিব সেইটো কেৱল পিতৃয়েহে জানে (২৪:৩৬)।
মানুহবিলাকে ভোজন আৰু পান কৰিব, বিয়া কৰিব আৰু বিয়া দিব, সোধবিচাৰৰ আগমণৰ বিষয়ে একোৱেই নাজানিব যিটে সিহঁতক উড়ুৱাই লৈ যাব (২৪:৩৭-৩৯)।
যীচুৱে কৈছিল যে তেওঁৰ বিশ্বাসীবিলাক সৰ্বদা যুগুত হৈ থাকিব লাগে কাৰণ প্ৰভু জনা কোন দিনা আহিব তাক তেওঁলোকে নাজানে (২৪:৪২, ৪৪)।
যেতিয়া প্ৰভু নাথাকে এজন বিশ্বাসী আৰু জ্ঞানী সেৱকে প্ৰভুৰ ঘৰৰ চোৱাচিতা ও পৰিচালনা কৰে (২৪:৪৫-৪৬)।
যেতিয়া তেওঁ ঘুৰি আহে, সেই গৰাকীয়ে সেই বিশ্বাসী আৰু জ্ঞানী সেৱকক তেওঁৰ সকলো বস্তুৰ ওপৰত গৰাকী পাতে (২৪:৪৭)।
যেতিয়া প্ৰভু নাথাকে এজন দুষ্ট সেৱকে সহ সেৱক বিলাকক কোবায় আৰু মদাহীবিলাকৰ লগত ভোজন আৰু পান কৰে (২৪:৪৮-৪৯)।
যেতিয়া তেওঁ ঘুৰি আহে, সেই গৰাকীয়ে সেই দুষ্ট সেৱকক দুডোখৰ কৰি কাটে আৰু য'ত ক্ৰন্দন আৰু দাঁত কৰচনি হয় তালৈ তাক পঠিয়াই দিয়ে (২৪:৫১)।