অধ্য়াপক আৰু ফৰীচীবিলাকে মোচিৰ আসনৰ পৰা দিয়া শিক্ষাবিলাকক যীচুৱে মানুহবিলাকক পালন কৰিবলৈ আৰু মান্য কৰিবলৈ কৈছিল (২৩:২-৩)।
যীচুৱে কৈছিল তেওঁলোকে সিহঁতৰ কৰ্ম্মবোৰ অনুকৰণ কৰা উচিত নহয় কাৰণ তেওঁলোকে কথা বোৰ কয় কিন্তু তাৰ পাছত সেইবোৰ নকৰে (২৩:৩)।
অধ্যাপক আৰু ফৰীচীবিলাকে মানুহৰ দ্বাৰা দেখা পাবলৈ তেওঁলোকে তেওঁলোকৰ সকলোবাৰ কৰ্ম্ম কৰে (২৩:৫)।
যীচুৱে কৈছিল যে আমাৰ মাত্ৰ এজন পিতা যিজন স্বৰ্গত আছে, আৰু আমাৰ এজন মাত্ৰ শিক্ষক সেইজন হৈছে খ্ৰীষ্ট (২৩:৮-১০)।
যিয়ে নিজকে নিজে বৰ মানে ঈশ্বৰে সেইজনক নম্ৰ কৰিব , আৰু যিজনে নিজকে নম্ৰ কৰে তেওঁক ঈশ্বৰে বৰ কৰিব (২৩:১২)।
যেতিয়া অধ্যাপক আৰু ফৰীচীবিলাকে এজনক নতুনকৈ ধৰ্ম্মত দীক্ষিত কৰে, তেওঁক তেওঁলোক নিজে হোৱাৰ দৰে সেইজনক দুগুণ নৰকৰ পুত্ৰ কৰে (২৩:১৫)।
যীচুৱে অধ্যাপক আৰু ফৰীচীসকলক বাৰে বাৰে কপটীয়া বুলি কৈছিল (২৩:১৩-১৫, ২৩, ২৫, ২৭, ২৯)।
যীচুৱে কৈছিল যে অধ্যাপক আৰু ফৰীচীসকল অন্ধ পথ প্ৰদৰ্শক আৰু অন্ধ অজ্ঞানী (২৩:১৬-১৯)।
অধ্যাপক আৰু ফৰীচীবিলাকে বিধানৰ গুৰুত্ত্বপুৰ্ণ বিষয়- ন্যায়বিচাৰ, দয়া আৰু বিশ্বাস আদিত বিফল হৈছিল (২৩:২৩)।
অধ্যাপক আৰু ফৰীচীবিলাকে তেওঁলোকৰ পিয়লাৰ ভিতৰভাগ পৰিস্কাৰ কৰাত বিফল হৈছিল সেয়ে বাহিৰভাগো পৰিস্কাৰ কৰিব পাৰি (২৩:২৫-২৬)।
অধ্যাপক আৰু ফৰীচীবিলাকৰ শোষণ, অত্যধিকতা, কপটতা আৰু অপৰাধেৰে পৰিপুৰ্ণ আছিল (২৩:২৫, ২৮)।
অধ্যাপক আৰু ফৰীচীবিলাকৰ পুৰ্ব্বপুৰুষ বিলাকে ঈশ্বৰৰ ভাববাদীসকলক বধ কৰিছিল (২৩:২৯-৩১)।
অধ্যাপক আৰু ফৰীচীবিলাকে নৰকৰ সোধ-বিচাৰৰ মুখামুখী হ'ব (২৩:৩৩)।
যীচুৱে কৈছিল তেওঁলোকে বধ কৰিব, কিছুমানক ক্ৰচত দিব, কিছুমানক কোবাব আৰু নগৰে নগৰে খেদি পঠিয়াব (২৩:৩৪)।
এই পৃথিবীত কৰা ধাৰ্ম্মিকবিলাকৰ সকলো ৰক্তপাতৰ দোষ এই অধ্যাপক আৰু ফৰীচীবিলাকৰ ওপৰলৈ আহিব (২৩:৩৫)।
যীচুৱে কৈছিল যে এই সকলোবোৰ এই প্ৰজন্মতেই ঘটিব (২৩:৩৬)।
যিৰূচালেমৰ সন্তানবিলাকক যীচুৱে একেলগে গোটাবলৈ আকাংক্ষা কৰিছিল, কিন্তু তেওঁলোক সন্মত নহ'ল (২৩:৩৭)।
যিৰূচালেমৰ গৃহ এতিয়া পৰিত্যক্ত হৈ নিৰ্জন হৈ পৰিব (২৩:৩৮)।