কোনো কোনোবিলাকে সেই নিমন্ত্ৰণ গম্ভীৰকৈ লোৱা নাছিল আৰু সিহঁতৰ নিজৰ কামলৈ গুচি গৈছিল, আৰু আনবিলাকে ৰজাৰ চাকৰবিলাকক ধৰিলে আৰু সিহঁতক বধ কৰিছিল (২২:২-৬)
ৰজাই তেওঁৰ সৈন্য-সামন্ত পঠাইছিল, সেই নৰবধীবোৰক মাৰি পেলাইছিল আৰু সিহঁতৰ নগৰখন জ্বলাই পেলাইছিল (২২:৭)।
তাৰ পাছত ৰজাই চাকৰবিলাকক পঠাই ভাল আৰু বেয়া যিমান মানুহ পালে সিমানকে নিমন্ত্ৰণ কৰিছিল (২২:৯-১০)।
ৰজাই তেওঁক হাতে-ভৰিয়ে বান্ধি বাহিৰৰ অন্ধকাৰত পেলাই দিছিল (২২:১১-১৩)।
ফৰীচীবিলাকে যীচুক নিজৰ কথাতে ফান্দত পেলাবলৈ চেষ্টা কৰিছিল (২২:১৫)।
কৈচৰক কৰ দিব পায়নে নাপায় সেইটো সিহঁতে যীচুক সুধিছিল (২২:১৭)।
যীচুৱে কৈছিল যে কৈচৰৰ যি বস্তু সেইটো কৈচৰক দিয়া, আৰু যিটো ঈশ্বৰৰ বস্তু সেইটো ঈশ্বৰক দিয়া (২২:২১)।
চদ্দুকীবিলাকে বিশ্বাস কৰিছিল যে কোনো পুনৰূত্থান নাই (২২:২৩)।
সেই তিৰোতা গৰাকীৰ সাত জন স্বামী আছিল (২২:২৪-২৭)।
যীচুৱে কৈছিল যে চদ্দুকীবিলাকে শাস্ত্ৰ জনা নাছিল আৰু ঈশ্বৰৰ পৰাক্ৰম ও জনা নাছিল (২২:২৯)।
যীচুৱে কৈছিল যে পুনৰূত্থানত, কোনো বিয়া নহয় (২২:৩০)।
যীচুৱে শাস্ত্ৰ উল্লেখ কৰিছিল য'ত ঈশ্বৰে কৈছে যে তেওঁ অব্ৰাহামৰ, ইচহাকৰ আৰু যাকোবৰ ঈশ্বৰ- জীৱিত বিলাকৰ ঈশ্বৰ (২২:৩২)।
সেই বিধান পণ্ডিতে যীচুক সুধিছিল যে বিধানৰ কোনটো আজ্ঞা প্ৰধান ?
যীচুৱে কৈছিল যে তুমি তোমাৰ ঈশ্বৰক সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তৰে প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক তোমাৰ নিজৰ নিচিনাকৈ প্ৰেম কৰা, এই দুটাই প্ৰধান আজ্ঞা (২২:৩৭-৩৯)।
খ্ৰীষ্ট কাৰ পুত্ৰ এই বুলি যীচুৱে তেওঁলোকক সুধিছিল (২২:৪২)
ফৰীচীবিলাকে কৈছিল যে খ্ৰীষ্ট দায়ুদৰ পুত্ৰ আছিল (২২:৪২)।
যীচুৱে তেতিয়া তেওঁলোকক সুধিছিল দায়ুদে তেওঁৰ নিজৰ পুত্ৰ, খ্ৰীষ্টক কেনেকৈ প্ৰভু বুলি কৈছিল (২২:৪৩-৪৫)।
ফৰীচীবিলাকে যীচুক এটা কথাও উত্তৰ দিব পৰা নাছিল (২২:৪৬)।