যীচুৱে কৈছিল তেওঁলোকে পোৱালিয়ে সৈতে এজনী গাধী বান্ধি থোৱা পাব (২১:২)।
এজন ভাববাদীয়ে এই ভবিষ্যত বাণী কৰিছিল যে ৰজা জনে গাধৰ পিঠিত উঠি, আৰু গাধ পোৱালিৰ পিঠিত উঠি আহিব (২১:৪-৫)।
ভীৰৰ মানুহবিলাকে ৰাষ্টাৰ ওপৰত তেওঁলোকৰ পিন্ধা কাপোৰবোৰ আৰু গছৰ ডালিবোৰ পাৰি দিছিল (২১:৮)।
ভীৰৰ মানুহবিলাকে এই বুলি চিঞঁৰি আছিল, "জয়, জয়, দায়ুদৰ সন্তান, প্ৰভুৰ নামেৰে যিজন আহিছে তেওঁ ধন্য হওক, উৰ্ধলোকত জয়ধ্বনি হওক" (২১:৯)।
যীচুৱে কিনা আৰু বেচা কৰা সকলক বহিৰ কৰিছিল, ধন সলাওঁতা সকলৰ মেজ আৰু কপৌ বেচাসকলৰ মেজ লুটিয়াই পেলাইছিল (২১:১২)।
যীচুৱে কৈছিল যে বেপাৰী বিলাকে ঈশ্বৰৰ মন্দিৰটো ডকাইতৰ গুহা কৰি পেলালে (২১:১৩)।
যীচুৱে ভাববাণী উল্লেখ কৰিছিল যিটোৱে কৈছিল তুমি শিশু আৰু কেঁচুৱাবিলাকৰ মুখৰ পৰাও স্তুতি সম্পুৰ্ণ কৰিলা (২১:১৫-১৬)।
যীচুৱে ডিমৰু গছজোপাক শুকাই যাবলৈ দিছিল কাৰণ ইয়াৰ কোনো ফল নাছিল (২১:১৮-১৯)।
যীচুৱে তেওঁৰ শিষ্যসকলক শিকাইছিল যে প্ৰাৰ্থনাত বিশ্বাসেৰে তেওঁলোকে যি খোজে, তেওঁলোকে তাক পাব (২১:২০-২২)।
যীচুৱে কি ক্ষমতাৰে এইবোৰ কাৰ্য্য কৰিছিল প্ৰধান পুৰোহিত আৰু চলাওঁতা বৃদ্ধসকলে সেইটো জানিবলৈ বিচাৰিছিল (২১:২৩)।
যীচুৱে তেওঁলোকক সুধিছিল যোহন বাপ্তাইজকৰ বাপ্তিস্ম স্বৰ্গৰ পৰা হৈছিল নে নাইবা মানুহৰ পৰা হৈছিল (২১:২৫)।
তেওঁলোকে জানিছিল যে তেতিয়া যীচুৱে তেওঁলোকক সুধিব তেন্তে কিয় যোহনত বিশ্বাস নকৰিলা (২১:২৫)।
তেওঁলোকে মানুহৰ ভীৰটোক ভয় কৰিছিল, যিবিলাকে যোহনক এজন ভাববাদী বুলি মানিছিল (২১:২৬)।
সেই পুত্ৰজনে যিয়ে কৈছিল তেওঁ নাযায় আৰু কাম নকৰে কিন্তু পাছত তেওঁ মন ঘুৰাইছিল আৰু গৈছিল (২১:২৮-৩১)।
যীচুৱে কৈছিল তেওঁলোকে স্বৰ্গ ৰাজ্যত সোমাব কাৰণ তেওঁলোকে যোহনক বিশ্বাস কৰিছিল, কিন্তু প্ৰধান পুৰোহিত আৰু অধ্যাপক সকলে যোহনক বিশ্বাস কৰা নাছিল (২১:৩১-৩২)।
দ্ৰাক্ষাবাৰীৰ খেতিয়ক বিলাকে সেই চাকৰ বিলাকক কোবাইছিল, বধ কৰিছিল, আৰু শিল দলিয়াইছিল (২১:৩৫-৩৬)।
দ্ৰাক্ষাবাৰীৰ গৃহস্থই অৱশেষত তেওঁৰ নিজৰ পুত্ৰক পঠিয়াইছিল (২১:৩৭)।
দ্ৰাক্ষাবাৰীৰ গৃহস্থৰ পুতেকক দ্ৰাক্ষাবাৰীৰ খেতিয়াবিলাকে বধ কৰিছিল (২১:৩৮-৩৯)।
মানুহবিলাকে কৈছিল যে সেই গৰাকীয়ে দ্ৰাক্ষাবাৰী প্ৰথম খেতিয়ক বিলাকক সংহাৰ কৰা উচিত আৰু তাৰ পাছত যিবিলাকে তেওঁক পৰিশোধ কৰিব তেনে খেতিয়কৰ হাতত দি দিয়া উচিত (২১:৪০-৪১)।
যি শিলটো ঘৰ সাজোঁতা বিলাকে অগ্ৰাহ্য কৰিছিল সেইটোৱেই চুকৰ প্ৰধান শিল হ'ল (২১:৪২)।
যীচুৱে কৈছিল যে প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকৰ পৰা ঈশ্বৰৰ ৰাজ্য কাঢ়ি লোৱা হ'ব আৰু ইয়াৰ ফল ধাৰণ কৰা এক জাতিক দি দিয়া হ'ব (২১:৪৩)।
তেওঁলোকে মানুহৰ ভীৰলৈ ভয় কৰিছিল, কাৰণ মানুহ বিলাকে যীচুক এজন ভাববাদী বুলি মানিছিল (২১:৪৬)।