হেৰোডে যীচুক মৃতবিলাকৰ মাজৰ পৰা জী উঠা যোহন বাপ্তাইজক বুলি ভাবিছিল(১৪:২)।
হেৰোডে তেওঁৰ ভায়েকৰ তিৰোতাক বিয়া কৰিছিল(১৪:৪)।
হেৰোডে যোহন বাপ্তাইজকক তৎক্ষণাৎ মৃত্যুদণ্ড দিয়া নাছিল কাৰণ তেওঁ মানুহবিলাকক ভয় কৰিছিল যিবিলাকে যোহনক এজন ভাববাদী বুলি মানিছিল(১৪:৫)।
তাই যি খোজে তাকে দিম বুলি হেৰোডে শপতেৰে প্ৰতিজ্ঞা কৰিছিল(১৪:৭)।
হেৰোডিয়াই এখন কাঁহীত যোহন বাপ্তাইজকৰ মূৰটো খুজিছিল(১৪:৮)।
হেৰোডে হেৰোডিয়াৰ অনুৰোধটো তাইক দিছিল কাৰণ তেওঁৰ শপতৰ বাবে আৰু তেওঁৰ লগত ভোজনত বহা সকলোবোৰ আলহীৰ কাৰণে(১৪:৯)।
যীচুৱে তেওঁলোকৰ ওপৰত মৰমভাব উপজিছিল আৰু তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিছিল(১৪:১৪)।
মানুহৰ ভীৰটোক কিবা খুৱাবলৈ যীচুৱে তেওঁৰ শিষ্যবিলাকক প্ৰত্যাহ্বান কৰিছিল(১৪:১৬)।
যীচুৱে স্বৰ্গলৈ চাইছিল, আশীৰ্বাদ কৰিছিল আৰু পিঠা ভাঙিছিল আৰু সেইবোৰ মানুহবিলাকক বিলাই দিবলৈ শিষ্যবিলাকক দিছিল(১৪:১৯)।
প্ৰায় পাঁচহাজাৰ মান পুৰুষৰ লগতে মহিলা আৰু শিশুবিলাকো আছিল আৰু বাৰটা পাচি বাকি থাকি গৈছিল(১৪:২০-২১)।
যীচুৱে পৰ্বতৰ ওপৰলৈ উঠিছিল আৰু তাতে তেওঁ প্ৰাৰ্থনা কৰিছিল?
শিষ্যবিলাকৰ নাওঁখন বতাহ আৰু ঢৌৰ কাৰণে প্ৰায় নিয়ন্ত্ৰণ কৰিব নোৱোৰা হৈ পৰিছিল(১৪:২৪)।
যীচুৱে শিষ্যবিলাকৰ ওচৰলৈ পানীৰ ওপৰত খোজকাঢ়ি আহিছিল(১৪:২৫)।
যীচুৱে তেওঁৰ শিষ্যসকলক কৈছিল নিৰ্ভয় হোৱা আৰু ভয় নকৰিবা(১৪:২৭)।
যীচুৱে পিতৰক আঁহা বুলি কৈছিল আৰু পানীৰ ওপৰত খোজ কাঢ়িবলৈ কৈছিল (১৪:২৯)।
যেতিয়া পিতৰে ভয় কৰিছিল তেতিয়া তেওঁ ডুবিবলৈ ধৰিছিল (১৪:৩০)।
যেতিয়া যীচু আৰু নাঁৱলে গৈছিল, বতাহ বলা বন্ধ হৈছিল (১৪:৩২)।
শিষ্যবিলাকে যেতিয়া এইবোৰ দেখিছিল তেওঁলোকে যীচুক উপাসনা কৰিছিল আৰু কৈছিল তেওঁ ঈশ্বৰৰ পুত্ৰ আছিল (১৪:৩৩)।
যীচু আৰু শিষ্যবিলাকে সাগৰৰ আনটো পাৰে গুচি যোৱাত মানুহবিলাকে সকলো ৰোগীয়াক যীচুৰ ওচৰলৈ লৈ আনিছিল (১৪:৩৫)।