বাটত পৰা কঠিয়াবোৰক চৰাইবোৰৰ দ্বাৰা সেইবোৰক খাই পেলোৱা হৈছিল(১৩:৪)।
শিলাময় মাটিত পৰা কঠিয়াবোৰ অতি সোনকালে গজি উঠিছিল, কিন্তু বেলিৰ তাপ লাগিছিল আৰু শুকাই গৈছিল(১৩:৫-৬)।
কাঁইটীয়া বননিত পৰা কঠিয়াবোৰক কাঁইটীয়া বন বাঢ়ি হেঁচি ধৰি মাৰিলে(১৩:৭)।
ভাল মাটিত পৰা কঠিয়াবোৰ শস্য উৎপন্ন কৰিছিল, কেতবিলাকে এশ গুণ, কেতবিলাকে ষাঠিগুণ, আৰু কেতবিলাক ত্ৰিশ গুণ(১৩:৮)।
যিচয়াৰ ভাববাণীত কৈছিল যে মানুহবিলাকে শুনিব আৰু দেখিব, কিন্তু বুজিব নোৱাৰিব; তেওঁলোকে দেখিব, কিন্তু জানিব নোৱাৰিব(১৩:১৪)।
যিসকল মানুহে যীচুৰ কথা শুনিব কিন্তু বুজিব নোৱাৰিব কাৰণ তেওঁলোকৰ অন্তৰ ভোতোহা, কাণ গধুৰ, আৰু তেওঁলোকৰ দৃষ্টি অন্ধ হৈ আছে(১৩:১৫)।
বাটৰ কাষত পৰা কঠিয়াৰ ব্যক্তিজন হৈছে যিয়ে ৰাজ্যৰ বাক্য শুনে কিন্তু তাক বুজি নাপায়, তেতিয়া দুষ্টাত্মা আহে আৰু তেওঁৰ অন্তৰত যি সিচা হৈছিল সেইবোৰ কাঢ়ি লৈ যায়(১৩:১৯)।
শিলাময় মাটিত পৰা কঠিয়াৰ ব্যক্তিজন হৈছে তেওঁ বাক্য শুনে আৰু অতি সোনকালে আনন্দেৰে তাক গ্ৰহণ কৰে, কিন্তু যেতিয়া তাড়না উদ্ভৱ হয় তেওঁ উজুতি খায়(১৩:২০-২১)।
কাঁইটীয়া বননিত পৰা কঠিয়াৰ ব্যক্তিজন হৈছে যিয়ে বাক্য শুনে, কিন্তু এই জগতৰ চিন্তা, ধনৰ মায়াই তেওঁ প্ৰলোভিত কৰে(১৩:২২)।
ভাল মাটিত পৰা কঠিয়াৰ ব্যক্তিজন হৈছে যিয়ে বাক্য শুনে আৰু তাক বুজে, আৰু তাৰ পাছত ফল উৎপন্ন কৰে(১৩:২৩)।
এজন শত্ৰুয়ে সেই শস্য পথাৰত বিনৈ বনৰ গুটি সিচিছিল(১৩:২৮)।
সেই গৃহস্থই চাকৰবিলাকক কৈছিল শস্য দোৱাৰ সময়লৈকে দুয়োকে একেলগে বাঢ়িবলৈ দিয়া, আৰু তাৰ পাছত বিনৈ বনক জ্বলাবৰ বাবে গোটাবি, আৰু শস্যবোৰক ভঁৰালত চপাই থবিহঁক(১৩:৩০)।
সেই সৰিয়হ গুটি বাগিছাৰ আন আন গছতকৈ এজোপা ডাঙৰ গছ হয় যাতে চৰাইবোৰে ইয়াৰ ডালত বাঁহ সাজিব পাৰে(১৩:৩১-৩২)।
স্বৰ্গ ৰাজ্য সেই খমিৰৰ নিচিনা বুলি যীচুৱে কৈছিল যিটো তিনিদোন পিঠা গুড়িৰ লগত মিহলাই গোটেইখিনি নুফুলালৈকে ঢাকি থলে(১৩:৩৩)।
ভাল গুটি সিচোতাজন হৈছে মানুহ পুত্ৰ, শস্যৰ পথাৰখন হৈছে জগতখন, ভাল গুটিবোৰ হৈছে ৰাজ্যৰ সন্তানবিলাক, বিনৈ বন হৈছে দুষ্ট আত্মাৰ সন্তানবিলাক, আৰু বিনৈ বন সিচোতাজন হৈছে চয়তান(১৩:৩৭-৩৯)।
জগতৰ শেষত, যিবিলাকে অপৰাধ কৰিছিল তেওঁলোকক অগ্নিৰ সৰোবৰত পেলোৱা হ'ব(১৩:৪২)।
এই জগতৰ শেষত, যিবিলাক ধাৰ্মিক তেওঁলোকে সূৰ্যৰ দৰে দিপ্তী প্ৰকাশ কৰিব(১৩:৪৩)।
যিমানুহজনে সেই পথাৰখন পায় তেওঁৰ সৰ্বোচ্ছ বিক্ৰি কৰে আৰু সেই পথাৰ খন কিনি লয়(১৩:৪৪)।
যীচুৰ দৃষ্টান্তত, এজন মানুহে অতি মূল্যৱান এটা মুকুতা পাই তেওঁ তেওঁৰ সৰ্ব্বোচ্চ বিক্ৰি কৰে আৰু সেই মুকুতাটো কিনি লয়(১৩:৪৫-৪৬)।
যেনেকৈ জালৰ পৰা মূল্যহীন বস্তুবোৰ ভালবিলাকৰ মাজৰ পৰা বেলেগ কৰা হয়, এই জগতৰ শেষতো ধাৰ্মিকবিলাকৰ মাজৰ পৰা দুষ্টবোৰক বেলেগ কৰা হ'ব আৰু অগ্নিকুণ্ডত পেলোৱা হ'ব(১৩:৪৭-৫০)।
মানুহবিলাকে সুধিছিল, "এই মানুহ জনে ক'ৰ পৰা তেওঁ জ্ঞান পালে, আৰু এই পৰাক্ৰম কাৰ্যবোৰ পালে" (১৩:৫৪)
যীচুৱে কৈছিল যে এজন ভাববাদীৰ নিজৰ দেশত কোনো মৰ্যাদা নাই(১৩:৫৭)।
মানুহবিলাকৰ অবিশ্বাসৰ কাৰণে, যীচুৱে তেওঁৰ নিজৰ অঞ্চলত বিস্তৰ পৰাক্ৰম কাৰ্য নকৰিলে(১৩:৫৮)।