ফৰীচীবিলাকে ঈশ্বৰলৈ উপহাৰ দিয়াৰ হিচাপত দান লয় সন্তানবিলাকক পিতৃ-মাতৃ সহায় কৰাত বাধা দিয়ে (১৫:৩-৬)।
যিচয়াই এই ভাববাণী প্ৰচাৰ কৰিছিল যে ফৰীচীবিলাকে ওঁঠেৰে ঈশঅবৰক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ ঈশ্বৰৰ পৰা বহু দুৰতথাকে (১৫:৭-৮)।
ফৰীচীবিলাকে ঈশ্বৰৰ তত্ত্ববোৰ মানুহ বিধি বুলি শিকায় (১৫:৯)।
যীচুৱে কৈছিল যে কোনো এজন ব্যক্তিয়ে যি খায় তাৰ দ্বাৰা তেওঁ লেতেৰা নহয় (১৫:১১, ১৭, ২০)।
যীচুৱে কৈছিল যে এজন ব্যক্তিৰ মুখৰ পৰা যি ওলাই সেয়েি মানুহক লেতেৰা কৰে (১৫:১১, ১৮-২০)।
যীচুৱে ফৰীচীবিলাকক অন্ধ পথ প্ৰদৰ্শক বুলি কৈছিল আৰু কৈছিল যে তেওঁলোক খাৱৈত পৰিব (১৫:১৪)।
অন্তৰৰ পৰা কু-চিন্তা, নৰবধ, পৰস্ত্ৰীগমণ, ব্যভিচাৰ, চুৰ মিছা সাক্ষী আৰু নিন্দা আদি বস্তুবোৰ ওলাই (১৫:১৯)।
যীচুৱে তাইক একো উত্তৰ দিয়া নাছিল (১৫:২৩)।
যীচুৱে এইটো বুজাইছিল যে তেওঁ ইস্ৰায়েল পৰিয়ালৰ কেৱল হেৰুওৱা সকললৈহে তেওঁক পঠোৱা হৈছিল (১৫:২৪)।
যীচুৱে সেই মহিলাগৰাকীক এইটো কথা কৈছিল যে তাইৰ বিশ্বাস মহৎ, আৰু তেওঁ তাইৰ ইচ্ছা পুৰ কৰিছিল (১৫:২৮)।
যীচুৱে বোবা, বিকলাঙ্গ, খোৰা আৰু অন্ধবিলাকক সুস্থ কৰিছিল (১৫:৩০-৩১)।
শিষ্যবিলাকৰ সাতোটা পিঠা আৰু কেইটামান সৰু মাছ আছিল (১৫:৩৪)।
যীচুৱে সেই পিঠা কেইটা আৰু মাছ লৈছিল ধন্যবাদ দিছিল, পিঠা ভাঙিছিল, আৰু সেইবোৰ শিষ্যবিলাকক দিছিল (১৫:৩৬)।
চাৰিহাজাৰ পুৰুষ, লগতে মহিলা আৰু ল'ৰা-ছোৱালীয়ে খাইছিল আৰু তৃপ্ত হৈছিল (১৫:৩৮)।
প্ৰতিজনে খোৱাৰ পাছত সাতোটা পাচি পুৰ হৈ থাকি গৈছিল (১৫:৩৭)।