সুস্থ কৰা কুষ্ঠৰোগীজনক যীচুৱে তেওঁলোকৰ বাবে সাক্ষ্য হ'বলৈ পুৰোহিতৰ ওচৰলৈ যাবলৈ কৈছিল(৮:৪)।
যীচুৱে কৈছিল তেওঁ সেই সেনাপতিজনৰ ঘৰলৈ যাব আৰু চাকৰ জনক সুস্থ কৰিব(৮:৭)।
সেই সেনাপতিজনে কৈছিল যে যীচুৱে তেওঁৰ ঘৰলৈ যে আহিব তেওঁ তাৰ যোগ্য নহয়, আৰু যে যীচুৱে মাত্ৰ এটা শব্দ কওক যাতে তেওঁৰ দাসজন সুস্থ হওক(৮:৮)।
যীচুৱে কৈছিল যে আনকি ইস্ৰায়েলৰ মাজতো কাকো তেওঁ এই সেনাপতিজনৰ দৰে বিশ্বাস পোৱা নাই(৮:১০).
যীচুৱে কৈছিল যে অনেকে পূৱ আৰু পশ্চিমৰ পৰা আহিব আৰু স্বৰ্গৰাজ্যত মেজত বহিব(৮:১১)।
যীচুৱে কৈছিল যে ৰাজ্যৰ সন্তানবিলাক বাহিৰৰ অন্ধকাৰত পেলোৱা হ'ব(৮:১২)।
যীচুৱে যেতিয়া পিতৰৰ ঘৰত সোমাইছিল তেওঁ পিতৰৰ শাহুৱেকক সুস্থ কৰিছিল(৮:১৪-১৫)।
যিচয়াৰ ভাববাণী, "তেওঁ নিজে আমাৰ ৰোগবোৰ ল'লে আৰু আমাৰ ৰোগৰ ভাৰ ল'লে" এইটো পৰিপূৰ্ণ হৈছিল(৮:১৭)।
যীচুৱে কৈছিল তেওঁৰ কোনো স্থায়ী ঘৰ নাই(৮:২০)।
যীচুৱে সেই শিষ্যজনক তেওঁৰ অনুগমণ কৰিবলৈ কৈছিল আৰু মৃতসকলে তেওঁলোকৰ মৃতসকলক কবৰ দিবলৈ এৰি দিবলৈ কৈছিল(৮:২১-২২)।
সাগৰত যেতিয়া এক বৰ ধুমুহা উঠিছিল যীচুৱে নাঁৱত শুই আছিল(৮:২৪)।
যীচুৱে শিষ্যবিলাকক কৈছিল, "কিয় ভয় কৰিলা, হে অল্প বিশ্বাসীবিলাক"(৮:২৬)?
শিষ্যবিলাকে যীচুত অতি আচৰিত হৈছিল কাৰণ বতাহ আৰু সাগৰেও তেওঁৰ কথা মানে(৮:২৭)।
যীচুৱে ভুতে ধৰা দুজন মানুহক লগ পাইছিল যিয়ে অতি ভয়ানক আছিল(৮:২৮)।
ভূতবিলাকৰ চিন্তা হৈছিল যে যীচুৱে সময় হোৱাৰ আগতেই সিহঁতক শাস্তি দিবলৈ আহিল(৮:২৯)।
যেতিয়া যীচুৱে ভূতবোৰ বাহিৰ কৰিছিল, সেইবোৰে ওলাই গৈ গাহৰি জাকত সোমাইছিলগৈ আৰু গাহৰিজাক বৰকৈ লৰি গৈ সাগৰত পৰিছিল আৰু মৰিছিল(৮:৩২)৷
মানুহবিলাকে যীচুক তেওঁলোকৰ অঞ্চলৰ পৰা আঁতৰি যাবলৈ মিনতি কৰিছিল(৮:৩৪)।