আমি প্ৰথমে আমাৰ নিজকে বিচাৰ কৰিব লাগে আৰু আমাৰ ভাইক সহায় কৰিবলৈ যোৱাৰ আগতে আমাৰ নিজৰ চকুৰ পৰা কূটাডালি আঁতৰাই লব লাগে(৭:১-৫)৷
যদি কুকুৰ বোৰক পবিত্ৰ বস্তু দিওঁ, সিহঁতে সেইবোৰ ভৰিৰে গচকিব আৰু তাৰ পাছত ঘুৰি তোমালোককো ছিৰি পেলাব(৭:৬)।
পিতৃৰ পৰা আমি কিবা পাবলৈ হ'লে আমি খুজিব লাগে, বিচাৰিব আৰু টুকুৰিয়াব লাগে(৭:৮)।
যিসকলে পিতৃক খোজে তেওঁলোকক তেওঁ উত্তম বস্তু দিয়ে(৭:১১)।
আনৰ পৰা আমি যি আচৰণ পাব বিচাৰো আনকে তেনে আচৰণ কৰাটো বিধান আৰু ভাববাদীসকলে শিকায়(৭:১২)।
বহল বাটে বিনাশলৈ লৈ যায়(৭:১৩)।
ঠেক বাটে জীৱনলৈ লৈ যায়(৭:১৪)।
আমি ভুৱা ভাববদীবিলাকক তেওঁলোকৰ জীৱনৰ ফলৰ দ্বাৰা চিনিব পাৰো(৭:১৫-২০)।
যিসকলে পিতৃৰ ইচ্ছা পালন কৰে তেওঁলোকে স্বৰ্গৰাজ্যত সোমাব পাৰে(৭:২১)।
যীচুৱে তেওঁলোকক ক'ব, "মই তহঁতক চিনি নাপাওঁ, হে কু-কৰ্ম্মীহঁত, মাৰ ওচৰৰ পৰা দুৰ হ'ব(৭:২২-২৩)।
যি জনে যীচুৰ বাক্যবোৰ শুনে আৰু সেইবোৰ সেই দৰে পালন কৰে তেৱেঁই জ্ঞানী মানুহ(৭:২৪)।
যি জনে যীচুৰ বাক্যবোৰ শুনে আৰু সেইবোৰ পালন নকৰে তেৱেঁই মুৰ্খ মানুহ(৭:২৬)।
যীচুৱে মানুহবিলাকক দিয়া শিক্ষাটো আছিল ক্ষমতাপন্নজনৰ দৰে অধ্যাপকসকলে শিকোৱাৰ দৰে নাছিল(৭:২৯)।