আমি আমাৰ ধাৰ্মিকতা কাৰ্য ব্যক্তিগতভাবে কৰিব লাগে(৬:১-৪)।
যিসকলে ব্যক্তিগত/গোপনে প্ৰাৰ্থনা কৰে পিতৃৰ পৰা পুৰস্কাৰ পাব(৬:৬)।
যীচুৱে কৈছে আমি অৰ্থহীন পুনৰাবৃত্তিৰে প্ৰাৰ্থনা কৰি থাকিব নালাগে কাৰণ আমি তেওঁক খোজাৰ পূৰ্বেই আমাৰ কি প্ৰয়োজন তাক তেওঁ জানে(৬:৭-৮)।
স্বৰ্গত যেনেকৈ কৰা হ'ল তেনেকৈ পৃথিবীটো পিতৃয়ে তেওঁৰ ইচ্ছা পূৰ কৰক বুলি আমি প্ৰাৰ্থনা কৰিব লাগে(৬:১০)।
যদি আমি আমাক দিবলগীয়া ধৰুৱাৰ ধাৰ ক্ষমা নকৰোঁ, পিতৃয়েও আমাৰ ধাৰ ক্ষমা নকৰিব(৬:১৫)।
আমি মানুহৰ আগত লঘোনীয়া বুলি নেদেখুৱাই লঘোন দিব লাগে আৰু তাতে পিতৃয়ে আমাক পুৰস্কাৰ দিব(৬:১৬-১৮)।
আমি আমাৰ ধন স্বৰ্গত জমা কৰিব লাগে, কাৰণ তাত ধ্বংস নহয় নাইবা চোৰেও নিনিয়ে(৬:১৯-২০)।
য'তে আমাৰ ধন ত'তে আমাৰ মন হ'ব(৬:২১)।
আমি ঈশ্বৰ আৰু ধন সম্পত্তিৰ মাজত এজনক আমাৰ মালিক হিচাপে বাচি লব লাগে(৬:২৪)।
আমি আমাৰ ভোজন, পান আৰু বস্ত্ৰৰ নিমিত্তে চিন্তিত হ'ব নালাগে কাৰণ পিতৃয়ে চৰাইবোৰকো চোৱা চিতা কৰে আৰু আমি সেইবোৰতকৈ অধিক বহুমূলীয়া(৬:২৫-২৬)।
যীচুৱে আমাক এইটো সোঁৱৰাই দিছে যে আমি চিন্তিত হৈ আমাৰ আয়ুস এক বেগেত বঢ়াব নোৱাৰো(৬:২৭)।
আমি প্ৰথমে পিতৃৰ ৰাজ্য আৰু পিতৃৰ ধাৰ্মিকতা বিচাৰিব লাগে আৰু তাতে আমাৰ পাৰ্থিব সকলো প্ৰয়োজন পূৰ হ'ব(৬:৩৩)।