আত্মাত দৰিদ্ৰ বিলাক ধন্য কাৰণ স্বৰ্গৰাজ্য তেওঁলোকৰ(৫:৩)।
যিবিলাকে শোক কৰে তেওঁলোক ধন্য কাৰণ তেওঁলোকক শান্তনা কৰা হ'ব(৫:৪)।
নম্ৰ বিলাক ধন্য কাৰণ তেওঁলোকে জগতখন অধিকাৰ কৰিব(৫:৫)।
ধাৰ্মিকতাৰ কাৰণে ভাক আৰু পিয়াহ লগাবিলাক ধন্য কাৰণ তেওঁলোক তৃপ্ত হ'ব(৫:৬)।
যীচুৰ নামৰ কাৰণে যিসকলে ঠাট্টা আৰু তাড়না পায় তেওঁলোক ধন্য কাৰণ স্বৰ্গত তেওঁলোকৰ পুৰস্কাৰ অধিক আছে(৫:১১-১২)।
বিশ্বাসীসকলে তেওঁলোকৰ পোহৰ মানুহবিলাকৰ আগত সৎ কাম কৰাৰ দ্বাৰা প্ৰকাশিত কৰে(৫:১৫-১৬)।
যীচুৱে পুৰণি নিয়মৰ বিধান আৰু ভাববাদীসকলৰ বাক্য পৰিপূৰ্ণ কৰিবলৈ আহিছিল(৫:১৭)।
যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যিসকলে আনক সেইবাৰ শিকায় তেওঁলোকক স্বৰ্গ ৰাজ্যত মহান বুলি কোৱা হ'ব(৫:১৯)।
যীচুৱে শিকাইছিল যে যিসকলে নৰবধ কৰে তেওঁলোকেই যে কেৱল সোধবিচাৰত দণ্ডৰ পাত্ৰ হ'ব সেয়াই নহয় কিন্তু যিবিলাকে নিজ ভাইক খং কৰে তেওঁলোকেও দণ্ড ভোগ কৰিব(৫:২১-২২)।
যীচুৱে শিকাইছিল যে আমাৰ ভাইৰ বিৰুদ্ধে আমাৰ কিবা থাকিলে আমি গৈ তেওঁৰ লগত সমিল-মিল হ'ব লাগে(৫:২৩-২৪)।
যীচুৱে শিকাইছিল যে আমি আমাৰ গোচৰীয়াৰ লগত কাছাৰীলৈ যোৱাৰ আগতেই সমিল-মিল হ'বলৈ চেষ্টা কৰিব লাগে(৫:২৫)।
যীচুৱে শিকাইছিল যে পৰস্ত্ৰী গমণ কৰাই ভুল নহয়, কিন্তু আৰু এগৰাকী তিৰোতাৰ প্ৰতি অভিলাষৰ দৃষ্টি কৰিলেও ভুল হয়(৫:২৭-২৮)।
যীচুৱে শিকাইছিল যে কিহবাই যদি আমাক পাপ কৰোৱাই আমি তাক এৰুৱাই পেলাব লাগে(৫:২৯-৩০)।
ব্যভিচাৰৰ কাৰণে যীচুৱে বিবাহ বিচ্ছেদ কৰিব লাগে বুলি অনুমতি দিছে(৫:৩২)।
যদি কোনো স্বামীয়ে তেওঁৰ ভাৰ্যাক বিনা কাৰণত বিচ্ছেদ কৰে আৰু তাই পুনৰ বিয়া হয়, তেওঁ তাইক ব্যভিচাৰিণী কৰায়(৫:৩২)।
যীচুৱে কৈছিল আমি এই সকলোবাৰৰদ্বাৰা শপত খোৱাৰ পৰিৱৰ্তে আমাৰ কথা "হয়, হয়," নাইবা "নহয়, নহয় হওক" (৫:৩৩-৩৭)।
যীচুৱে শিকাইছিল যে আমাৰ প্ৰতি যিয়ে দুৰ্জন কাম কৰে তাক প্ৰতিৰোধ কৰিব নালাগে(৫:৩৮-৩৯)।
যীচুৱে শিকাইছিল যে আমি আমাৰ শত্ৰুবোৰৰ বাবে আৰু যিবিলাকে আমাক তাড়না কৰে সেইবিলাকৰ বাবে প্ৰাৰ্থনা কৰিব লাগে(৫:৪৩-৪৪)।
যীচুৱে কৈছিল যদি আমি আমাক প্ৰেম কৰাবিলাককেই প্ৰেম কৰো আমি কোনো পুৰস্কাৰ নাপাওঁ কাৰণ পৰজাতিসকলে যি কৰে আমি তাকেইহে কৰি আছো(৫:৪৬-৪৮)।