পৃথিবীত তেওঁৰ পাপ ক্ষমা কৰিবলৈ যে ক্ষমতা আছে তাকে দেখুৱাবলৈ যীচুৱে সেই জঠৰ ৰোগীজনক কৈছিল যে তেওঁৰ পাপ ক্ষমা কৰা হ'ল(৯:৫-৬)।
যিয়ে মানুহক এনে ক্ষমতা দিলে সেইটো লৈ, তেওঁলোকে অতি আচৰিত হৈছিল আৰু ঈশ্বৰৰ প্ৰশংসা কৰিছিল(৯:৮)।
মথিয়ে যীচুৰ অনুগমণ কৰাৰ আগতে তেওঁৰ জীৱিকা কৰ সংগ্ৰহ কৰোঁতা আছিল(৯:৯)।
যীচু আৰু তেওঁৰ শিষ্যসকলে কৰ তোলোতা আৰু পাপী মানুহবিলাকৰ সৈতে ভোজন কৰিছিল(৯:১০)।
যীচুৱে পাপীবিলাকক মন পালটন কৰিবলৈ নিমন্ত্ৰণ কৰিবলৈ আহিছিল(৯:১৩)।
যীচুৱে কৈছিল তেওঁৰ শিষ্যবিলাকে লঘোন দিয়া নাছিল কাৰণ তেওঁ সিহঁতৰ লগত আছিল(৯:১৫)।
যীচুৱে কৈছিল তেওঁৰ শিষ্যবিলাকে লঘোন দিব যেতিয়া তেওঁক তেওঁলোকৰ লগৰপৰা লৈ যোৱা হ'ব(৯:১৫)।
সেই অত্যধিক তেজবোৱা মহিলা গৰাকীয়ে যীচুৱে পিন্ধা কাপোৰৰ দহি চুইছিল, ভাবিছিল যে যদি তাই তেওঁৰ কাপোৰৰ দহি চুবলৈ পায় তাই সুস্থ হ'ব(৯:২০-২১)।
অত্যধিক তেজ বোৱা মহিলা গৰাকীক যীচুৱে কৈছিল যে তাইৰ বিশ্বাসেই তাইক সুস্থ কৰিলে(৯:২২)।
মানুহবিলাকে যীচুক হাঁহিছিল কাৰণ ছোৱালীজনী মৰা নাই, তাই টোপনিত আছে(৯:২৪)।
যীচুৱে ছোৱালীজনী জীয়াই তোলাৰ বাতৰি সেই অঞ্চলৰ সকলোতে বিয়পি গৈছিল(৯:২৬)।
সেই অন্ধ মানুহদুজনে যীচুলৈ চাই চিঞৰি আছিল, " হে দায়ুদৰ সন্তান, আমাক দয়া কৰক"(৯:২৭)।
যীচুৱে সেই অন্ধ মানুহ দুজনক তেওঁলোকৰ বিশ্বাস অনুসৰি সুস্থ কৰিছিল(৯:২৯)।
যীচুৱে ভূতৰ ৰজাৰ দ্বাৰাই ভূতবিলাকক বাহিৰ কৰে বুলি ফৰীচী বিলাকে যীচুক দোষ ধৰিছিল(৯:৩৪)।
মানুহবিলাকৰ প্ৰতি যীচুৰ মৰমবোব উপজিছিল কাৰণ তেওঁলোক চিন্তিত আৰু ভাগৰুৱা হৈ পৰিছিল আৰু ৰখীয়া নোহোৱা মেৰৰ দৰে হৈ পৰিছিল(৯:৩৬)।
যীচুৱে তেওঁৰ শিষ্যসকলক জৰুৰীভাবে প্ৰাৰ্থনা কৰিবলৈ কৈছিল যাতে শস্যৰ গৰাকীয়ে শস্যক্ষেত্ৰলৈ কৰ্মী পঠাই দিয়ে(৯:৩৮)।