যীচুৱে কৈছিল আমি স্বৰ্গৰাজ্যত সোমাবলৈ মন পালটন কৰিব লাগে আৰু সৰু শিশুবিলাকৰ নিচিনা হ'ব লাগে (১৮:৩)।
যীচুৱে কৈছিল যে যিজনে এটি শিশুৰ দৰে নিজকে নম্ৰ কৰে তেওঁৱেই স্বৰ্গ ৰাজ্যত সকলোতকৈ মহান (১৮:৪)।
যীচুত বিশ্বাস কৰা সৰুবিলাকৰ এজনৰ বিঘিনী জন্মায় তেওঁৰ বাবে নিজৰ ডিঙিত জাঁতৰ এটি শিল আৰি সাগৰত ডুবি যোৱাই তেওঁৰ বাবে ভাল (১৮:৬)।
যীচুৱে কৈছিল আমাক উজুতি খুউৱা কিবা থাকিলে সেইবাৰ আমি দলিয়াই পেলাব লাগে (১৮: ৮-৯)।
আমি এই সৰুবিলাককো অৱহেলা কৰিব নালাগে কাৰণ তেওঁলোকৰ দূতবিলাকে সদায় পিতৃৰ মুখ দেখা পায় (১৮:১০)।
এই পিতৃৰ ইচ্ছা নহয় যে এই সৰুবিলাকৰ এজনেও বিনষ্ট হওক (১৮:১২-১৪)।
প্ৰথমতে, তুমি যোৱা, আৰু তেওঁ অকলে লৈ তেওঁ ভুল-ত্ৰূতি দেখুৱাই দিয়া (১৮:১৫)।
দ্বিতীয়তে, তুমি তোমাৰ লগত এজন বা দুজন ভাইক সাক্ষী হিচাপে লৈ যাবা (১৮:১৬)।
তৃতীয়তে, সেই বিষয়তো তুমি মণ্ডলীত জনাব লাগে
(১৮:১৭)।
য'ত দুই বা তিনিজন তেওঁৰ নামত গোট খাই তাত যীচুৱে থাকে বুলি প্ৰতিজ্ঞা কৰিছিল (১৮:২০)।
যীচুৱে কৈছিল আমাৰ ভাইক আমি সত্তৰ গুণ সাতবাৰলৈকে ক্ষমা কৰিব লাগে (১৮:২১-২২)।
সেই চাকৰজনে তেওঁ গৰাকীক দহ হাজাৰ গাগৰি ধাৰ পৰিশোধ কৰিবলগীয়া আছিল, আৰু তেওঁ তেওঁৰ গৰাকীক পৰিশোধ কৰিব পৰা নাছিল (১৮:২৪-২৫)।
সেই গৰাকীৰ মৰমদয়া ভাব উপজিছিল আৰু সেই চাকৰজনৰ ধাৰ ক্ষমা কৰি দিছিল (১৮:২৭)।
সেই চাকৰজনে ধৈৰ্য্য ধৰিবলৈ অস্বীকাৰ কৰিছিল আৰু সেই সহ-চাকৰজনক কাৰাগাৰত ভৰাই থৈছিল (১৮:২৮-৩০)।
সেই গৰাকীয়ে সেই চাকৰজনক কৈছিল যে সি তাৰ সহ চাকৰ জনক দয়া কৰা উচিত আছিল (১৮:৩৩)।
সেই গৰাকীয়ে সেই চাকৰজনক সি দিবলগীয়া সকলো পৰিশোধ নকৰালৈকে যাতনাকাৰীবিলাকৰ হাতত শোধাই দিলে (১৮:৩৪)।
যীচুৱে কৈছিল পিতৃয়েও সেই গৰাকীজনৰ নিচিনা কৰিব যদি আমি অন্তৰৰৰ পৰা আমাৰ ভাইক ক্ষমা নকৰোঁ (১৮:৩৫)।