ওখ পৰ্ব্বতৰ ওপৰলৈ যীচুৰ লগত পিতৰ, যাকোব আৰু যোহন গৈছিল (১৭:১)
যীচুৰ অন্যৰূপ হৈছিল যাতে তেওঁ মুখমণ্ডল সুৰ্য্যৰ নিচিনা উজ্জল হৈছিল আৰু তেওঁৰ পিন্ধা কাপোৰ পোহৰৰ দৰে অতিশয় উজ্জল হৈ পৰিছিল (১৭:২)।
মোচি আৰু এলিয়াই দেখা দিছিল আৰু যীচুৰ লগত কথা-বতৰা হৈছিল (১৭:৩)।
পিতৰে তেওঁলোক তিনিজনৰ বাবে তিনিটা পজাঁ সাজিম বুলি কৈছিল (১৭:৪)।
সেই ডাৱৰৰ পৰা ওলাৱা বাণীয়ে কৈছিল, " এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মি পৰম সন্তোষ্ট, তেওঁৰ কথা শুনা"(১৭ :৫)।
যীচুৱে শিষ্যসকলক এই আদেশ দিছিল তেওঁলোকে দেখা এই দৃশ্য মানুহৰ পুত্ৰই মৃতবিলাকৰ মাজৰ পৰা জীয়াই নুঠালৈকে কাকো নক'বা (১৭:৯)।
যীচুৱে কৈছিল এলিয়া আচলতে আহিব আৰু সকলোকে পুনৰ স্থাপন কৰিব (১৭:১১)।
যীচুৱে কৈছিল এলিয়া হৈছে যোহন বাপ্তাইজক যিজন ইতিমধ্য আহিল, আৰু তেওঁলোকে যি মন যায় তেওঁলৈ তাকে কৰিছিল (১৭:১০-১৩)।
শিষ্যবিলাকে সেই আঁৱৰীয়া ল'ৰাটোক সুস্থ কৰিব পৰা নাছিল (১৭:১৪-১৬)।
যীচুৱে সেই ভুতক ডবিয়াইছিল আৰু সেই প্ৰহৰৰ পৰাই সেই ল'ৰাটো আৰোগ্যতা পাইছিল (১৭:১৮)।
যীচুৱে কৈছিল যে তেওঁলোকৰ অল্প বিশ্বাসৰ কাৰণে তেওঁলোকে সেই আঁৱৰীয়া ল'ৰাটোক সুস্থ কৰিব পৰা নাছিল (১৭:২০)।
যীচুৱে তেওঁৰ শিষ্যবিলাকক কৈছিল যে তেওঁক মানুহবিলাকৰ হাতত শোধাই দিয়া হ'ব যিবিলাকে তেওঁক বধ কৰিব, আৰু তেওঁ তৃতীয় দিনা পুনৰ জী উঠিব (১৭:২২-২৩)।
যীচুৱে পিতৰক সাগৰলৈ যাবলৈ কৈছিল, বৰশী বাবলৈ কৈছিল, আৰু প্ৰথমে উঠা মাছটো টানিবলৈ কৈছিল যিটোৰ মুখত কৰ দিবৰ বাবে এক ছেকল মুদ্ৰা আছিল (১৭:২৭)।