22
অব্ৰাহামক পৰীক্ষা কৰা।

1 এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰিলে। ঈশ্বৰে তেওঁক “অব্ৰাহাম” বুলি মতাত অব্রাহামে ক’লে, “এইয়া, মই আছোঁ।” 2 তেতিয়া ঈশ্বৰে ক’লে, “তুমি প্ৰেম কৰা তোমাৰ একমাত্র পুত্র ইচহাকক লৈ মোৰিয়া অঞ্চললৈ যোৱা; তাত যি পাহাৰটোৰ কথা মই তোমাক কম, তাৰ ওপৰতে তুমি ল’ৰাক হোমবলি উৎসর্গ কৰাগৈ।”

3 সেয়ে, অব্ৰাহামে ৰাতিপুৱাতে উঠি নিজৰ গাধৰ পিঠিত আসন সজালে। তাৰ পাছত পুত্র ইচহাক আৰু দুজন যুবক দাসকো লগত ল’লে। তেওঁ হোমবলি উৎসর্গৰ কাৰণে যথেষ্ট পৰিমানৰ খৰ গোটালে আৰু ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈ যাত্ৰা কৰিলে। 4 তিন দিনৰ দিনা অব্ৰাহামে চকু তুলি চাই দূৰৈৰ পৰাই সেই ঠাই দেখা পালে। 5 তেতিয়া অব্ৰাহামে নিজৰ দাস দুজনক ক’লে, “তোমালোক গাধটোৰে সৈতে ইয়াতে থাকা; মই আৰু মোৰ ল’ৰাই সেই ঠাইলৈকে যাওঁ; তাত আমাৰ উপাসনা শেষ কৰি তোমালোকৰ ওচৰলৈ পুনৰ উলটি আহিম।” 6 এই বুলি কৈ অব্ৰাহামে হোমবলিৰ খৰিখিনি তেওঁৰ পুত্ৰ ইচহাকৰ কান্ধত দি অগ্নি আৰু ছুৰীখন নিজৰ হাতত ল’লে। তাৰ পাছত তেওঁলোক দুয়ো একেলগে খোজকাঁঢ়ি যাবলৈ ধৰিলে। 7 তেতিয়া ইচহাকে তেওঁৰ পিতৃ অব্ৰাহামক মাতিলে, “হে মোৰ পিতৃ।” তাতে অব্রাহামে ক’লে, “মোৰ বোপা, মই আছোঁ।” সি ক’লে, “হোমবলি উৎসর্গৰ কাৰণে চাওঁক জুই আৰু খৰি আছে, কিন্তু মেৰ-ছাগৰ পোৱালি ক’ত?” 8 অব্ৰাহামে ক’লে, “বোপা, হোমবলিৰ কাৰণে ঈশ্বৰে নিজেই মেৰ-ছাগ পোৱালি যোগাব।” এইদৰে কথা পাতি পাতি তেওঁলোক দুয়ো একেলগে আগুৱাই গ’ল।

9 পাছত যি ঠাইৰ কথা ঈশ্বৰে অব্রাহামক কৈছিল, তেওঁলোকে গৈ সেই ঠাই পাই, সেই ঠাইতে অব্ৰাহামে এটা যজ্ঞবেদি নির্ম্মাণ কৰি তাৰ ওপৰত খৰি সজালে । তাৰ পাছত নিজৰ পুত্ৰ ইচহাকক বান্ধি যজ্ঞবেদিৰ ওপৰত শুৱালে। 10 তেতিয়া অব্ৰাহামে নিজ পুত্ৰক বধ কৰিবলৈ ছুৰীখন হাতত ল’লে। 11 তেনে সময়তে আকাশৰ পৰা যিহোৱাৰ দূতে তেওঁক মাতি ক’লে, “অব্ৰাহাম, অব্ৰাহাম!” তেওঁ ক’ল “মই আছোঁ।” 12 দূতে ক’লে, “তুমি ল’ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা; কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, সেই বিষয়ে মই এতিয়া জানিছোঁ; কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহলা।” 13 তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে এটা মতা মেৰ-ছাগ দেখা পালে আৰু তাৰ শিংকেইটা জোপোহাৰ মাজত জপটিয়াই লাগি আছিল। অব্ৰাহামে গৈ সেই মেৰ-ছাগটো আনি নিজৰ পুত্ৰৰ সলনি তাকে হোমবলি উৎসর্গ কৰিলে। 14 তাৰ বাবে অব্ৰাহামে সেই ঠাইৰ নাম যিহোৱা-যিৰি 1 ৰাখিলে; সেয়ে আজিও লোকে কয়, “যিহোৱাৰ পাহাৰত যিহোৱায়েই যোগাব।”

15 পাছত ঈশ্বৰৰ দূতে আকাশৰ পৰা পুনৰ মাত লগালে। 16 তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ পুত্র, একেটি পুত্রকো মোৰ বাবে বলিদান দিবলৈ অসন্মত নহলা আৰু যিহেতু তুমি এই কার্য কৰিলা, সেয়ে মই নিজ নামেৰে শপত খাই কৈছো যে, 17 মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰিম; আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় বৃদ্ধি কৰিম; তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্রুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব। 18 তোমাৰ বংশৰ যোগেদিয়েই পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব; তুমি মোৰ কথা পালন কৰিলা বাবেই তেনে হ’ব।”

19 পাছত অব্ৰাহাম নিজৰ দাসবোৰৰ ওচৰলৈ উভটি আহিল আৰু সকলো একেলগে বেৰ-চেবালৈ ঘূৰি গ’ল; এই বেৰ-চেবাতে অব্ৰাহামে বাস কৰিছিল।
অব্রাহামৰ ককায়েক নাহোৰৰ বংশধৰ

20 এইবোৰ ঘটনাৰ পাছত অব্ৰাহামে এই কথা শুনিবলৈ পালে, “তোমাৰ ককাই নাহোৰৰ ভার্য্যা মিল্কাৰো সতি-সন্ততিৰ জন্ম হ’ল।” 21 তেওঁলোক হ’ল তেওঁৰ বৰ পুতেক উচ; তাৰ পাছত ভায়েক বুজ আৰু কমৱেলৰ জন্ম হ’ল। কমৱেলৰ পুত্রৰ নাম আছিল অৰাম। 22 অন্যান্য সন্তান সকল কেচদ, হজো, পিলদচ, ফিদলফ, আৰু বথোৱেল। 23 এই বথোৱেলৰ জীয়েকৰ নাম ৰিবেকা আছিল। মিল্কাই অব্ৰাহামৰ ককায়েক নাহোৰলৈ এই আঠজনক প্ৰসৱ কৰিলে। 24 নাহোৰৰ এগৰাকী উপপত্নী আছিল। তাইৰ নাম আছিল ৰোমা। তাই টেবহ, গহম, তহচ, আৰু মাখা এইসকলক প্ৰসৱ কৰিলে।


1অর্থাৎ যিহোৱাই যোগাব