যীচুৱে প্ৰস্থান কৰাৰ আগতে তেওঁৰ শিষ্যসকলক নিৰ্দেশনা দিয়া কাৰ্যটো সমাপন কৰিছিল(১১:১)।
যোহন বাপ্তাইজকে এই বাৰ্ত্তা পঠিয়াইছিল, "আহিব লগাজনা আপুনিয়েই নে, নাইবা আন এজন অহালৈ আমি বাট চাই থাকিম" (১১:৩)।
যীচুৱে কৈছিল নৰিয়াবিলাক সুস্থ হৈছে, মৃতবিলাকক তোলা হৈছে, দৰিদ্ৰবিলাকক শুভবাৰ্ত্তা কোৱা হৈছে(১১:৫)।
যিসকলে তেওঁত কোনো বিঘিনিৰ কাৰণ নাপায় তেওঁলোকক যীচুৱে আশীৰ্বাদৰ প্ৰতিজ্ঞা কৰিছিল(১১:৬)।
যীচুৱে কৈছিল যে যোহন বাপ্তাইজক হৈছে ভাববাণীৰ বাৰ্তা বাহক যিজনে আহিব লগা জনাৰ আগে আগে তেওঁৰ পথ প্ৰস্তুত কৰিছিল (১১:৯-১০)।
যীচুৱে কৈছিল যে যোহন বাপ্তাইজক এলিয়া আছিল(১১:১৪)।
সেই প্ৰজন্মৰ লোকসকলে কৈছিল যে যোহন বাপ্তাইজক এটা ভূতে পোৱা বুলি(১১:১৮)।
সেই প্ৰজন্মৰ লোকসকলে কৈছিল যে যীচু এজন খাৱৈচ আৰু এজন মদপী আৰু কৰ তোলা আৰু পাপীবোৰৰ বন্ধু(১১:১৯)।
যিবোৰ নগৰত তেওঁৰ মহৎ কৰ্মবোৰ কৰা হ'ল, তথাপিও তেওঁলোকে মন পালটন নকৰিলে তাৰ প্ৰতি যীচুৱে এক মহান ভয়ানক সোধবিচাৰ ঘোষণা কৰিছিল(১১:২০-২৪)।
ঈশ্বৰৰ ৰাজ্য জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা গুপুতে ৰখাৰ কাৰণে যীচুৱে পিতৃক প্ৰশংসা কৰিছিল(১১:২৫)।
ঈশ্বৰৰ ৰাজ্য যিসকল অশিক্ষিত, শিশুবিলাকৰ দৰে লোকৰ আগত প্ৰকাশ কৰাৰ কাৰণে যীচুৱে পিতৃক প্ৰশংসা কৰিছিল(১১:২৫)।
যীচুৱে কৈছিল তেওঁ পিতৃক জানে, আৰু যাক ইচ্ছা কৰে তেওঁৰ আগত নিজকে প্ৰকাশ কৰে(১১:২৭)।
যিসকল পৰিশ্ৰান্ত আৰু অতি ভাৰাক্ৰান্ত তেওঁলোকক যীচুৱে বিশ্ৰাম দিয়াৰ প্ৰতিজ্ঞা কৰিছিল(১১:২৮)।