যোহনে প্ৰচাৰ কৰিছিল, "মন পালটন কৰা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল" (৩:২)।
সেই ভাববাণীয়ে কৈছিল যে যোহন বাপ্তাইজকে প্ৰভুৰ পথ প্ৰস্তুত কৰিব(৩:৩)।
ফৰীচী আৰু চদ্দুকীবিলাকক যোহন বাপ্তাইজকে মন পালটনৰ উপযুক্ত ফলেৰে ফল ধাৰণ কৰিবলৈ কৈছিল(৩:৮)।
যোহনে ফৰীচী আৰু চদ্দুকীবিলাকক নিজকে তেওঁলোকে অব্ৰাহামৰ সন্তান বুলি নাভাবিবা এই বুলি সাৱধান কৰি দিছিল(৩:৯)।
যোহনে কৈছিল উত্তম ফল ধাৰণ নকৰা প্ৰতিজোপা গছক কাটি পেলোৱা হ'ব আৰু জুইত পেলোৱা হ'ব(৩:১০)।
যোহনৰ পাছত অহা জনাই পবিত্ৰ আত্মা আৰু জুইৰে বাপ্তাইজ কৰিব(৩:১১)।
যীচুৱে কৈছিল ধাৰ্মিকতা সিদ্ধ কৰিবলৈ যোহনে তেওঁক বাপ্তাইজ কৰাটো উচিত(৩:১৫)।
যেতিয়া যীচুৱে পানীৰ পৰা উঠি আহিছিল, ঈশ্বৰৰ আত্মাক কপৌ ৰূপত নামি অহা আৰু তেওঁৰ ওপৰত দেখা দিয়া তেওঁ দেখিবলৈ পাইছিল (৩:১৬)।
স্বৰ্গৰ পৰা সেই বাণীয়ে কৈছিল, "এওঁ মোৰ প্ৰিয় পুত্ৰ, য়াৰ ওপৰত মই পৰম সন্তুষ্ট" (৩:১৭)।