Matthew 1

Matthew 1:1

যীচু খ্ৰীষ্টৰ বংশাৱলীত, কোন দুজন পুৰ্ব-পুৰুষক, তেওঁলোকৰ গুৰুত্ত্বতা অনুসৰি প্ৰথমে তালিকাভুক্ত কৰা হৈছে?

প্ৰথমে তালিকাভুক্ত কৰা পুৰ্ব-পুৰুষ দুজন হৈছে দায়ুদ আৰু অব্ৰাহাম(১:১)।

Matthew 1:15

বংশাৱলীৰ একেবাৰে শেষত, নাম লিখা সেই ভাৰ্য্যা গৰাকী কোন আছিল,আৰু তাইক কিয় তালিকাভুক্ত কৰা হ'ল?

মৰিয়ম, যোচেফৰ ভাৰ্যা গৰাকীক তালিকাভুক্ত কৰা হৈছিল, কাৰণ তাইৰ দ্বাৰা যীচুৰ জন্ম হৈছিল(১:১৬)।

Matthew 1:18

মৰিয়মে যোচেফৰ সৈতে একেলগ হোৱাৰ পুৰ্বে, তাইৰ কি ঘটিছিল?

মৰিয়মে যোচেফৰ সৈতে একেলগ হোৱাৰ পুৰ্বে, তাইৰ পবিত্ৰ আত্মাৰ দ্বাৰা গৰ্ভৱতী হৈছিল(১:১৮)।

যোচেফ কেনে ধৰণৰ মানুহ আছিল?

যোচেফ ধাৰ্মিক মানুহ আছিল(১:১৯)।

মৰিয়ম যেতিয়া গৰ্ভৱতী বুলি যোচেফে জানিছিল তেওঁ কি কৰিবলৈ থিৰাং কৰিছিল?

যোচেফে মৰিয়মৰ লগত হোৱা বিয়াৰ জোৰোণ গোপনে ত্যাগ কৰিবলৈ থিৰাং কৰিছিল(১:১৯)।

Matthew 1:20

যোচেফৰ কি হৈছিল যে তেওঁ মৰিয়মৰ লগত বিয়াৰ জোৰোণ দিবলৈ থিৰাং কৰিছিল?

এজন স্বৰ্গদূতে মৰিয়মক তেওঁৰ ভাৰ্যা হিচাপে লবলৈ যোচেফক সপোনত কৈছিল কাৰণ সেই শিশুটি পবিত্ৰ আত্মাৰ দ্বাৰা গৰ্ভ ধাৰণ হৈছিল(১:২০)।

শিশুটিৰ নাম যীচু দিবলৈ কিয় যোচেফক কোৱা হৈছিল?

শিশুটিৰ নাম যীচু দিবলৈ যোচেফক কোৱা হৈছিল কাৰণ তেওঁ তেওঁৰ লোকবিলাকক তেওঁলোকৰ পাপবাৰৰ পৰা ৰক্ষা কৰিব(১:২১)।

Matthew 1:22

এই ঘটনাবোৰত পুৰণি নিয়মৰ কি ভবিষ্যত বাণী পৰিপুৰ্ণ হৈছিল?

পুৰণি নিয়মৰ ভবিষ্যত বাণীত কৈছিল যে এগৰাকী কুমাৰীয়ে এটি পুত্ৰ জন্ম দিব আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানুৱেল ৰাখিব, যিটোৰ অৰ্থ হৈছে "ঈশ্বৰ আমাৰ লগত"(১:২৩)৷

Matthew 1:24

মৰিয়মে যীচুক জন্ম দিয়ালৈকে মৰিয়ক কি নকৰিবলৈ যোচেফ সাৱধান হৈ আছিল?

তাই যীচুক জন্ম নিদিয়ালৈকে যোচেফে মৰিয়মৰ লগত শয়ন নকৰিবলৈ সাৱধান হৈ আছিল(১:২৫)।