Matthew 1

Matthew 1:1

১ ১৭ পদলৈ যীচু খ্ৰীষ্টৰ পুৰ্ব্ব পুৰুষৰ তালিকা।

দায়ুদৰ পুত্ৰ, অব্ৰাহামৰ পুত্ৰ

বিকল্প অনুবাদ : "দায়ুদৰ এজন বংশধৰ, যিজন অব্ৰাহামৰ বংশধৰ আছিল।" অব্ৰাহাম আৰু দায়ুদৰ মাজত আৰু দায়ুদ আৰু তেওঁৰ বংশধৰ যীচুৰ মাজত বহুত প্ৰজন্ম আছিল। ৯:২৭ পদত আৰু আন ঠাইটো "দায়ুদৰ সন্তান" শীৰ্ষক ব্যৱহাৰ কৰা হৈছে, কিন্তু ইয়াত পৰিচয় কৰাই দিবলৈ কেৱল যীচুৰ বংশাৱলিহে ব্যৱহাৰ কৰা দেখা গৈছে।

অব্ৰাহাম ইচহাকৰ পিতৃ আছিল

বিকল্প অনুবাদ "অব্ৰাহাম ইচহাকৰ পিতৃ হ'ল" নাইবা " অব্ৰাহাম ইচাহাক নামৰ এক পুত্ৰ আছিল।" তোমাৰ পঢ়ুৱৈবিলাকৰ বাবে বেছি স্পষ্ট হ'ব যদি আপুনি এটা উপায়ে এইটো কয় আৰু বাকী থকা গোটেই তালিকাত ব্যৱহাৰ কৰে।

তামাৰ

ভাষাত নামৰ পুং লিঙ্গ আৰু স্ত্ৰীলিঙ্গ থকা নাম তাইৰ নাম স্ত্ৰীলিঙ্গৰ ৰূপ।

Matthew 1:4

যীচুৰ বংশধৰৰ তালিকা একেৰাহে চলি আছে। তুমি মথি ১:২ ৩ পদত ব্যৱহাৰ কৰা একে শব্দবিলাক ব্যৱহাৰ কৰা হৈছে।

চালমোন ৰাহাবৰ দ্বাৰা বোৱজৰ পিতৃ

"চালমোন বোৱজৰ পিতৃ, আৰু বোৱজৰ মাতৃ ৰাহাব আছিল" নাইবা "চালমোন আৰু ৰাহাব বোৱজৰ পিতৃ মাতৃ আছিল"

বোৱজ ৰূথৰ দ্বাৰা ওবেদৰ পিতৃ

" বোৱজৰ ওবেদৰ পিতৃ, আৰু ওবেদৰ মাতৃ ৰূথ আছিল" নাইবা " বোৱজ আৰু ৰূথ ওবেদৰ পিতৃ মাতৃ আছিল"

ৰাহাব... ৰূথ

ভাষাবিলাকত পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গৰ নামৰ ৰূপ, তেওঁলোকৰ নামসমুহৰ স্ত্ৰীলিঙ্গৰ ৰূপ ব্যৱহাৰ কৰা উচিত।

ঊৰিয়াৰ ভাৰ্য্যাৰ দ্বাৰা দায়ুদ চলোমনৰ পিতৃ হ'ল

"দায়ুদ চলোমনৰ পিতৃ আছিল, আৰু ঊৰিয়াৰ ভাৰ্য্যা চলোমনৰ মাতৃ আছিল" নাইবা " দায়ুদ আৰু ঊৰিয়াৰ ভাৰ্য্যা চলোমনৰ পিতৃ মাতৃ আছিল"

ঊৰিয়াৰ ভাৰ্য্যা ভাৰ্য্যা

"ঊৰিয়াৰ বিধৱা গৰাকী"

Matthew 1:7

যীচুৰ বংশধৰৰ তালিকা একেৰাহে চলি আছে। তুমি মথি ১:২ ৩ পদত ব্যৱহাৰ কৰা একে শব্দবিলাক ব্যৱহাৰ কৰা হৈছে।

আচা

কেতিয়াবা তেওঁৰ নামটো "আচাফ" নামেৰে অনুবাদ কৰা হৈছে।

ঊজ্জিয়াৰ পিতৃ যোৰাম

যোৰাম আচলতে উজ্জিয়াৰ ককা দেউতাকৰ ককা দেউতাক, সেয়ে "পিতৃ" শব্দটো "পুৰ্ব্ব পুৰুষ " হিচাপে অনুবাদ কৰিব পাৰি (UDB)।

Matthew 1:9

যীচুৰ বংশধৰৰ তালিকা একেৰাহে চলি আছে। তুমি মথি ১:২ ৩ পদত ব্যৱহাৰ কৰা একে শব্দবিলাক ব্যৱহাৰ কৰা হৈছে।

আমোন

কেতিয়াবা এইটোক "আমোচ" বুলি অনুবাদ কৰা হৈছে।

যোচিয়া যেখনিয়াৰ পিতৃ

যোচিয়া আচলতে যেখনিয়াৰ ককা দেউতা আছিল (UDB চাওক)।

বাবিললৈ পঠিওৱাৰ সময়ত

"যেতিয়া তেওঁলোকক বল পুৰ্ব্বক বাবিললৈ যাবলৈ বাধ্য কৰোৱা হৈছিল" নাইবা "যেতিয়া বাবিলীয়া বিলাকে তেওঁলোকক বাবিলত নিবাস কৰিবলগীয়া কৰিছিল।" যদি আপোনাৰ ভাষাত কোনে বাবিললৈ গৈছিল বুলি নিৰ্দ্দেশ কৰিব লাগে, আপুনি ক'ব পাৰে "সেই ইস্ৰায়েলীয়াবিলাক" নাইবা "যিবিলাকে যিহুদাত নিবাস কৰিছিল সেই ইস্ৰায়েলীয়াবিলাক।"

Matthew 1:12

যীচুৰ বংশধৰৰ তালিকা একেৰাহে চলি আছে। তুমি মথি ১:২ ৩ পদত ব্যৱহাৰ কৰা একে শব্দবিলাক ব্যৱহাৰ কৰ হৈছে।

নিয়াৰ পাছত

আপুনি ১:১১ পদত ব্যৱহাৰ কৰা একেই শব্দবিলাক ব্যৱহাৰ কৰা হৈছে।

চলটীয়েল হৈছে জৰুব্বাবেলৰ পিতৃ

আচলতে চলটীয়েল জৰুব্বাবেলৰ ককা দেউতা (UDB চাওক)।

Matthew 1:15

যীচুৰ বংশধৰৰ তালিকা একেৰাহে চলি আছে। আপুনি মথি ১:২ ৩ পদত ব্যৱহাৰ কৰা একে শব্দবিলাক ব্যৱহাৰ কৰা হৈছে।

মৰিয়ম যাৰ দ্বাৰা যীচুৰ জন্ম হৈছিল

এইটোক সক্ৰিয় কৰ্তৃ বাচ্যত অনুবাদ কৰিব পাৰিলেহেঁতেন "মৰিয়ম, যিগৰাকীয়ে যীচুক জন্ম দিছিল।" (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)।

নিয়াৰ পাছত

আপুনি ১:১১ পদত ব্যৱহাৰ কৰা একেই শব্দবিলাক ব্যৱহাৰ কৰা হৈছে।

Matthew 1:18

এই ঘটনাটোৰ বৰ্ণনাই যীচুৰ জন্মৰ ঘটনাবিলাকলৈ চলাই নিয়ে। যদি আপোনাৰ ভাষাত এইবিষয়টো সলনি কৰাৰ উপায় দেখৱাব পাৰে, আপুনি ইয়াত ব্যৱহাৰ কৰিব পাৰে

মৰিয়মক যোচেফলৈ বাগদান কৰা হ'ল

"বিবাহত বহিবলৈ প্ৰতিজ্ঞাবদ্ধ হ'ল" (UDB) নাইবা "বিবাহত বহিবলৈ সমৰ্পিত হ'ল।" তেওঁলোকৰ নিজৰ সন্তানবিলাকলৈ পিতৃ মাতৃয়ে সাধাৰণতে বিয়াৰ আয়োজনেৰে সোমাই।

তেওঁলোক একেলগ হোৱাৰ পুৰ্ব্বেই

এইটোৰ আওপকীয়া প্ৰকাশভঙ্গীটোৰ অৰ্থ " তেওঁলোকে তেওঁলোকৰ দৈহিক সম্বন্ধ হোৱাৰ আগতে" (প্ৰকাশভঙ্গী চাওক)

তাই গৰ্ভৱতী হোৱা পালে

" তেওঁলোকৰ উপলব্ধি হ'ল যে তাই এটি শিশু জন্ম দিবগৈ" (সক্ৰিয়তা নাইবা নিস্ক্ৰিয়তা চাওক)

পবিত্ৰ আত্মাৰ দ্বাৰা

পবিত্ৰআত্মাই মৰিয়মক এটি শিশু জন্ম দিয়াবলৈ সমৰ্থিত কৰিলে।

Matthew 1:20

এইটোৱে যীচুৰ জন্মৰ ঘটনাবিলাকলৈ লৈ যোৱাৰ বিষয়ে কয়।

দৰ্শন দিলে

এজন স্বৰ্গদূত হঠাতে যোচেফ ওচৰলৈ আহিছিল

দায়ুদৰ সন্তান

এই ক্ষেত্ৰত, " পুত্ৰৰ" প্ৰকাশভঙ্গীটোৰ অৰ্থ হৈছে " বংশধৰৰ।" দায়ুদ যোচেফৰ পিতৃ নাছিল, কিন্তু দায়ুদ যোচেফৰ পুৰ্ব্ব পুৰুষ আছিল।

তাইত যিজন গৰ্ভস্থ হৈছে তেওঁ পবিত্ৰ আত্মাৰ দ্বাৰা হৈছে

"মৰিয়মে যি জনাক গৰ্ভধাৰণ কৰিছে তেওঁ পবিত্ৰ আত্মাৰ দ্বাৰা হৈছে" (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তাই এটি পুত্ৰ জন্ম দিব

কাৰণ ঈশ্বৰে স্বৰ্গদূত পঠিয়াই দিছিল, সেই স্বৰ্গদূতে জানিছিল যে শিশুটি ল'ৰা হ'ব।

তুমি তেওঁৰ নাম যীচু থবা

এইটো এটা আদেশ হয়: " তেওঁৰ নাম ৰাখিবা" নাইবা " তেওঁক এই নাম দিবা " নাইবা "তেওঁক নাম থবা"

তেওঁ নিজৰ লোকক ৰক্ষা কৰিবা

"তেওঁৰ নিজৰ লোকবিলাকক" বুলি কওঁতে যিহুদীবিলাকক বুজাইছে

Matthew 1:22

যীচুৰ জন্ম যে পৰিপুৰ্ণ হ'বগৈ মথিয়ে এটা ভাববাণী উল্লেখ কৰিছে

ভাববাদীৰ দ্বাৰা প্ৰভুৱে যি কথা কৈছিল

এইটোক সক্ৰিয়া বাচ্যত এইদৰে উল্লেখ কৰিব পাৰে "যিচয়া ভাববাদীৰ দ্বাৰা বহুবছৰৰ আগতে প্ৰভুৱে যি কৈছিল।" (সক্ৰিয়তা নাইবা নিস্ক্ৰিয়তা চাওক)

চোৱা

বিকল্প অনুবাদ : "চোৱা" নাইবা " শুনা" নাইবা "মই এতিয়া তোমাক কি ক'বলৈ গৈ আছোঁ সেইটোত মনোযোগ দিয়া।"

সেই কুমাৰীগৰাকীয়ে গৰ্ভধাৰণ কৰিব আৰু এটি পুত্ৰ জন্ম দিব

এই পদটো যিচয়া ৭:১৪ পদৰ পোনপতীয়া উল্লেখ।

Matthew 1:24

এই শাখাটোৰ ঘটনাবোৰ যীচুৰ জন্মৰ বিষয়ে ঘুৰাই চলাই নিয়ে।

আদেশ কৰা

সেই স্বৰ্গদূতে তেওঁক কৈছিল মৰিয়মক তেওঁৰ ভাৰ্য্যা হিচাপে গ্ৰহণ কৰা আৰু তেওঁৰ নাম যীচু ৰাখিবা (পদ নং ২০ ২১)।

তাইৰ লগত শয়ন নকৰিলে

"তাইৰ লগত দৈহিক সম্বন্ধ নকৰিলে" ( আওপকীয়া প্ৰকাশভঙ্গী চাওক)

আৰু তেওঁৰ নাম যীচু ৰাখিলে

" যোচেফে তেওঁৰ পুত্ৰৰ নাম যীচু ৰাখিলে"