5
1
তেতিয়া অননিয় নামেৰে এজন লোক আৰু তেওঁৰ ভাৰ্যা চফীৰাই এডোখৰ মাটি বিক্রী কৰিলে৷
2
অননিয়ই তেওঁৰ ভার্যাৰ জ্ঞাতসাৰেই সেই ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখি, এক অংশ আনি পাঁচনিসকলৰ চৰণত থলে।
3
তেতিয়া পিতৰে তেওঁক কলে- “হে অননিয়, পবিত্র আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কার্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেছা ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখিলা?
4
সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেন্তে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয় , ঈশ্বৰৰ আগতহে মিছা কথা ক’লা”।
5
এই কথা শুনাৰ লগে লগে অননিয়ই মাটিত পৰি প্ৰাণ ত্যাগ কৰিলে। যিবোৰ মানুহে এই কথা শুনিলে, তেওঁলোকে বৰ ভয় খালে।।
6
পাছত যুবকসকল আগবাঢ়ি আহি তেওঁক কাপোৰেৰে মেৰিয়াই বাহিৰলৈ নি মৈদাম দিলে।
7
প্রায় তিনি ঘন্টা মানৰ পাছত, অননিয়ৰ স্ত্রী চাফীৰা সেই ঠাইলৈ আহিল৷ কিন্তু কি ঘটিল, সেই বিষয়ে তেওঁ নাজানিলে।
8
পিতৰে তেওঁক সুধিলে- “কোৱাছোন, তোমালোকে বাৰু এই মাটি ইমান টকাতে বেচিলা নে?" তেতিয়া তেওঁ কলে, “হয় ইমানতে বেচা হল।”
9
তেতিয়া পিতৰে চাফিৰাক কলে, “প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকৈ একমত হলা? চোৱা, যিসকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল; তেওঁলোক আহি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব"।
10
তেতিয়াই পিতৰৰ চৰণত পৰি চফীৰাই প্ৰাণ ত্যাগ কৰিলে। যুবকসকলে ভিতৰলৈ আহি, চাফীৰাকো মৃত দেখিলে৷ তেতিয়া তেওঁকো বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে।
11
মণ্ডলীৰ সকলো লোকে যেতিয়া এই কথা শুনিলে, তেওঁলোকে অতিশয় ভয় খালে।
12
পাছত পাঁচনিসকলৰ দ্বাৰাই মানু্হৰ মাজত অনেক চিন আৰু আচৰিত কার্য হবলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰাণ্ডাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল ।
13
যদিও সকলোৱে তেওঁলোকক সমাদৰ কৰিলে, তথাপিও আন লোকসকলে তেওঁলোকৰ মাজত সোমাবলৈ সাহস নকৰিলে।
14
কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্রভুৰ বিশ্বাসত যোগ দিলে।
15
ইয়াৰ উপৰিও লোকসকলে পিতৰ অহা-যোৱা কৰোতে তেওঁৰ ছাঁ যেন ৰোগীসকলৰ গাত পৰে, এই আশাৰে ৰোগীসকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি।
16
যিৰূচালেমৰ ওচৰ-পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰুগীয়া আৰু অশুচি আত্মাই ধৰা লোকসকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ’ল।
17
কিন্তু মহা পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোকসকল ঈর্ষাত জ্বলি উঠিল
18
তেওঁলোকে পাঁচনিসকলক ধৰি আনি ৰাইজৰ কাৰাগাৰত বন্দী কৰি থলে।
19
কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে,
20
“যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ, অনন্ত জীৱনৰ সকলো কথা লোকসকলৰ আগত কোৱাগৈ”।
21
আজ্ঞা অনুসাৰে তেওঁলোকে ৰাতি পুৱাতে মন্দিৰত সোমাই উপদেশ দিলে। আনফালে প্রধান পুৰোহিত আৰু তেওঁৰ সংগীসকলে আহি ইহুদী সকলৰ জেষ্ঠ লোকসকলৰ এক মহাসভা মাতিলে আৰু পাঁচনিসকলক বন্দীশালৰ পৰা আনিবলৈ মানুহ পঠালে।
22
কিন্তু সেই লোকসকলে বন্দীশাললৈ গৈ তেওঁলোকক দেখা নাপালে আৰু উভতি আহি ক’লে,
23
“আমি বন্দীশালৰ দু্ৱাৰ টানকৈ বান্ধি থোৱা দেখিলোঁ আৰু ৰখীয়াবোৰেও দুৱাৰত থিয় হৈ আছে; কিন্তু দুৱাৰ খুলি ভিতৰত তেওঁলোকক দেখা নাপালোঁ।"
24
এই কথা শুনি মন্দিৰৰ সেনাধিপতি আৰু প্রধান পুৰোহিতসকলে ইয়াৰ পৰিণতি কি হব বুলি ভাবি হতবুদ্ধি হ’ল।
25
তেনেতে কোনোবা এজনে আহি জনালে যে, "আপোনালোকে যিসকল মানু্হক বন্দীশালত থৈছিল, সেই মানুহবোৰে মন্দিৰত থিয় হৈ লোকসকলক উপদেশ দি আছে।"
26
তেতিয়া সেনাধিপতিজনে তেওঁৰ লোকসকলৰ সৈতে সেই ঠাইলৈ গৈ পাঁচনিসকলক লৈ আহে। তাতে মানুহবোৰে পাথৰ মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাঁচনিসকলক কোনো বেয়া ব্যৱহাৰ নকৰিলে।
27
পাছত তেওঁলোকক আনি সভাত উপস্থিত কৰোতে, প্রধান পুৰোহিতে তেওঁলোকক প্রশ্ন কৰিলে,
28
"এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপিও তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।"
29
তেতিয়া পিতৰ আৰু আন পাঁচনিসকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত।
30
যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষসকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে।
31
সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্রাণকর্তা হিচাবে নিজৰ সোঁ-হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে।
32
এই কথাৰ আমি সাক্ষী আছো আৰু যিসকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।"
33
এই কথা শুনি মহাসভাৰ সভ্যসকল খঙত জ্বলি উঠিল আৰু পাঁচনিসকলক বধ কৰিবলৈ বিচাৰিলে।
34
কিন্তু তেতিয়া গমলীয়েল নামৰ এজন ফৰীচী, যি জন সকলো মানুহৰে সন্মানিত বিধানৰ এজন অধ্যাপক,তেওঁ থিয় হ'ল আৰু পাঁচনিসকলক অলপ সময়ৰ কাৰণে বাহিৰলৈ নিবৰ বাবে নির্দেশ দিলে।
35
তাৰপাছত তেওঁ ক’লে, “হে ইস্ৰায়েলী সকল, এই লোকসকলক লৈ আপোনালোকে যি কৰিবলৈ গৈছে, সেই বিষয়ে সাৱধান হওঁক।
36
কিয়নো কিছুদিনৰ আগেয়ে থুদা নামৰ এজনে আহি, নিজকে বৰ এজন বুলি দাবী কৰিছিল আৰু কম-বেচি পৰিমাণে প্রায় চাৰিশ মানুহে থুদাৰ লগ হৈছিল। তেওঁক বধ কৰা হ’ল আৰু তেওঁৰ অনুগামীবোৰও সিচঁৰিত হৈ কোনো চিন-চাব নোহোৱা হ’ল।
37
এই মানুহজনৰ পাছত, লোকপিয়লৰ সময়ত গালীলৰ যিহূদা নামৰ এজন ওলাল আৰু তেওঁ ভালেমান মানুহক নিজৰ ফাললৈ আনিলে ; তেৱোঁ নিহত হোৱাত তেওঁৰ অনুগামী সকলো ছিন্ন-ভিন্ন হৈ গ’ল।
38
এতিয়া মই আপোনালোকক কওঁ, এই লোকসকলৰ পৰা দূৰৈত থাকক আৰু তেওঁলোকক এৰি দিয়ক; কিয়নো এই পৰিকল্পনা বা কৰ্ম যদি মানুহৰ পৰা হয়, তেন্তে ই ব্যর্থ হব৷
39
কিন্তু যদিহে ঈশ্বৰৰ পৰা হয়, তেনেহলে আপোনালোকে তেওঁলোকক বন্ধ কৰিব নোৱাৰিব। হয়তো দেখিব যে, আপোনালোকে ঈশ্বৰৰ বিৰুদ্ধেই যুদ্ধ কৰিছে।” তেতিয়া, তেওঁলোকে এই পৰামর্শ গ্ৰহন কৰিলে।
40
তাৰপাছত তেওঁলোকে পাঁচনিসকলক ভিতৰলৈ মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা নকবলৈ নির্দেশ দি যাবলৈ দিলে।
41
পাঁচনিসকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল।
42
ইয়াৰ পাছত তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু সকলো ঘৰতে গৈ শিক্ষা দিবলৈ ধৰিলে আৰু যীচুৱেই যে খ্ৰীষ্ট এই কথা প্ৰচাৰ কৰি থাকিল।